অভয়াপুৰীত আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰ্কাৰ ইউনিয়নৰ উদ্যোগত প্ৰতিবাদ।

নিউজনেষ্ট ০৫ এপ্ৰিল,২০২৩ : বঙাইগাঁও জিলাৰ অভয়াপুৰী অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। অভয়াপুৰীস্থিত বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমৰ অস্হায়ী বিদূৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰন আৰু ১১ দফীয়া দাবী চনদ পুৰনৰ দাবীত শক্তি খণ্ডৰ অস্হায়ী কৰ্মচাৰী আজি ১২ দিনৰ কৰ্মবিৰতীত বহে।সংগঠনটোৱে মঙ্গলবাৰৰ পৰা ১৫ এপ্ৰিল তাৰিখলৈ ১২ দিনীয়া কৰ্মবিৰতিৰ আৰম্ভণি কৰে।ইয়াৰ পিছতো যদি চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তথা অসমৰ শক্তি খণ্ডই শোষণ পদ্ধতিৰে এই থলুৱা নিবনুৱা লৰা ছোৱালীক পাপ্যৰ পৰা বঞ্চিত কৰে পৰবৰ্তী সময়ত সন্থাই অসহযোগ আন্দোলনত বহিবলৈ বাধ্য হ’ব বুলি জানিবলৈ দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ