অভয়াপুৰীত চলিছে ভূ-মাফিয়াৰ দপদপনি !

নিউজনেষ্ট ০২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ অভয়াপুৰীত চলিছে ভূ-মাফিয়াৰ দপদপনি , অবৈধ ভাৱে মাটি খনন কৰি চলাইছে ৰমৰমীয়া ব্যৱসায় , কুম্ভকৰ্ণৰ নিদ্ৰাত অভয়াপুৰী বন বিভাগ, ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত লতিবাৰী,ডুমেৰগুৰী,সন্তোষপুৰ,লেংটিচিঙা
আমগুৰি, আদিকে ধৰি বহু ঠাইত অবৈধ মাটি খনন কৰিছে একাংশ দুষ্ট চক্ৰই ।পিছে কাৰ নেতৃত্বত চলিছে এই অবৈধ বালি-মাটিৰ সৰবৰাহ?
এইদৰে নদীত দিনে নিশাই মাটি খনন কৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। অভয়াপুৰী নদী সমূহত অবৈধ ভাৱে মাটি খনন কাৰ্যই ৰাইজৰ মাজত এতিয়া এক চৰ্চাৰ বিষয় হৈ পৰিছে৷
সংশ্লিষ্ট বিভাগৰ অনুমতিবিহীনভাৱে ৰাজহ ফাকি দি কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য।
এইক্ষেত্ৰত পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে, সেইয়া সময়ত লক্ষণীয় হ’ব।

এনেধৰণৰ আন বাতৰিসমূহ