অমৃত সৰোবৰে ভয়াৱহতা কঢ়িয়াইছে বোকাখাতৰ ঐতিহাসিক কুৰুৱাবাহীলৈ!

নিউজনেষ্ট, ২৫ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ প্ৰায়  ১ একৰ ভূমি সামৰি তথা ১১.৯৬ লাখ টকা ব্যয় সাপেক্ষে খান্দি থকা এক বৃহৎ জলাশয়ে এতিয়া শংকা বঢ়াইছে বোকাখাতৰ বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ স্থানীয় জনসাধাৰণলৈ।

কিয়নো কেন্দ্ৰীয় চৰকাৰৰ অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ বিহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত মেৰবিলৰ দক্ষিণ অংশত অমৃত সৰোবৰৰ নামত খনন কৰা বৃহৎ জলাশয়টোৱে ঘণীভূত কৰিছে ভয়াৱহ গড়াখহনীয়াৰ আশংকা।

উল্লেখযোগ্য যে উক্ত প্ৰকল্প স্থলীৰ পৰা মাত্ৰ কেইশ মিটাৰমান আতৰতে আছে ধনশিৰি নৈ।বাৰিষা হ’লেই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে ইতিমধ্যে কেইবাবাৰো উক্ত স্থানত নদীখনে সৃষ্টি কৰিছে ভয়ংকৰ খহনীয়াৰ।

যাৰ বাবে ভবিষ্যতে বৃহৎ পুখুৰীটোও নদীখনৰ খহনীয়াৰ গ্ৰাসত পৰাৰ আশংকা কৰিছে স্থানীয় গাঁওবাসীয়ে,, লগতে নদীখনৰ পানী উক্ত জলাশয় হৈ মেৰবিলেদি সোমাই বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ ৫০ খনৰো অধিক গাঁৱৰ প্ৰতি ভয়ংকৰ বিপদৰ সূচনা কৰাৰ লগতে ঐতিহাসিক কুৰুৱাবাহী সত্ৰলৈও ভাবুকি কঢ়িয়াই আনিব বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় গাঁওবাসীয়ে।

ইফালে ধনশিৰি নদীৰ খহনীয়া ৰোধৰ বাবে উক্ত ঠাইত পুৰ্বতে এক জিঅ’ বেগ আঁচনিৰ ৰূপায়ণ কৰা হৈছিল যদিও অধিক অংশৰ জিঅ’ বেগ নদীখনে ইতিমধ্যে উটুৱাই লৈ যোৱাত অমৃত সৰোবৰৰ খনন কাৰ্য অব্যাহত থকা বৃহৎ জলাশয়টো অধিক স্পৰ্শকাতৰ হৈ পৰিব বুলি বিবেচনা কৰি শীঘ্ৰেই ইয়াৰ খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাই মহকুমাধিপতিলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে, কুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে।

উল্লেখযোগ্য উক্ত স্থানত পুৰ্বেও মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ ২০১৯-২০ বৰ্ষৰ অধিনত বিহৰা গাঁও পঞ্চায়তৰ যোগেদি ৩,৭২,৯৯৭ হাজাৰ টকা ব্যয় সাপেক্ষে এটা বৃহৎ পুখুৰী খন্দা হৈছিল যদিও বৰ্তমানে সেয়া অস্তিত্বহীন।

যাৰ বাবে এখন বৃহৎ আঁচনি কাৰ্যকৰি হৈ যোৱা ঠাইতে পুনৰ ১১ লাখ ৯৬ হাজাৰ টকাৰ এই অমৃত সৰোবৰ আঁচনিৰ অনুমোদন জনাই বিভাগীয় কৰ্তৃপক্ষই পুনৰ ৰাজহুৱা ধন আত্মসাৎ কৰাৰ এক অভিসন্ধীত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে নুমলীগড় আঞ্চলিক ছাত্র সন্থাৰ লগতে স্থানীয় ৰাইজে।

 

এনেধৰণৰ আন বাতৰিসমূহ