অশ্লীল ভাইৰেল ভিডিঅ’ৰ প্ৰসংগত গ্ৰেপ্তাৰ হৈছে এগৰাকী ছাত্ৰ নেতা!

নিউজনেষ্ট ৩১ জানুৱাৰী ২০২৩,নিউজডেস্কঃ

ডিফুৰ ‘শ্ৰী মংগল’ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পুত্ৰৰ অশ্লীল ভাইৰেল ভিডিঅ’ৰ প্ৰসংগত গ্ৰেপ্তাৰ হৈছে এগৰাকী ছাত্ৰ নেতা।

সামাজিক মাধ্যমত ভাইৰেল হৈছিল যুৱতীৰ সৈতে নগ্ন অৱস্থাত থকা ভিডিঅটো।

এই প্ৰসংগত কাৰ্বি ছাত্ৰ সন্থা(KSA)ৰ ৰাকেশ তেৰাং নামৰ ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ।

অজ্ঞাত স্থানৰ পৰা সোমবাৰে নিশা ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাকেশ তেৰাঙক‌।

গ্ৰেপ্তাৰ কৰি নিশাই DMCHত ৰাকেশ তেৰাঙৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

ভিডিঅ’ ভাইৰেলৰ ঘটনা সন্দৰ্ভত ১০ জানুৱাৰীত ব্যৱসায়ী গৰাকীৰ পুত্ৰই দিছিল এজাহাৰ।

এজাহাৰত উল্লেখ কৰা হৈছিল তেওঁক বলপূৰ্বকভাৱে গাড়ী উঠাই লৈ যোৱা হৈছিল।

লগতে ভয় ভাবুকি দি যুৱতীৰ সৈতে নগ্ন কৰাই দাবী কৰিছিল বৃহৎ পৰিমাণৰ ধন।

এইলৈ ডিফু থানাত ৩৪২/ ৫০৬/ ৩২৩/ ৩৮৬/ ৩৪ ধাৰাত ৰুজু হৈছিল এটা গোচৰ।

ছাত্র নেতা ৰাকেশ তেৰাং আৰু পল তেৰাঙৰ বিৰুদ্ধে ৰুজু হৈছিল এই গোচৰ।

উক্ত গোচৰৰ ভিত্তিত ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাকেশ তেৰাঙক।

কিন্তু এই সন্দৰ্ভত বৰ্তমানলৈকে কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

ইয়াৰ বিপৰীতে ছাত্ৰ সংগঠনটোৰ একাংশ নেতাই ৰাকেশ তেৰাং নিৰ্দোষী বুলি দাবী কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ