অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ আন্তৰাষ্ট্ৰীয় সন্মিলন!

নিউজনেষ্ট,১৬মাৰ্চ২০২৩,নিউজডেস্কঃ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে অসমৰ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগত আজিৰে পৰা দুদীনীয়া কাৰ্যসুচীৰে “Emerging Trends in Chemistry” শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনত ভাৰতৰ ৰসায়ন বিজ্ঞান শিক্ষক সন্থাইও সহযোগ কৰে। এই সন্মিলনত দেশৰ বিভিন্ন প্ৰখ্যাত বিজ্ঞানীসকলক একত্ৰিত কৰাৰ লগতে বহিঃৰাজ্যৰ বিজ্ঞানী আৰু অংশগ্ৰহণকাৰীসকলেও শোভা বঢ়ায়। উদ্বোধনী বক্তৃতা প্রদান কৰে আই আই টি দিল্লীৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক অশোক কমাৰ গাংগুলীয়ে। তেওঁ Nanomaterials for sustainable energy generation” ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। এই সন্মিলনত বিশিষ্ট বিজ্ঞানীসকলৰ ৯টা পূৰ্ণাংগ বক্ত্, ১৫টা আমন্ত্রিত-অফলাইন, চাৰিটা আমন্ত্রিত অনলাইন বক্তৃতা আৰু বিদেশৰ প্ৰখ্যাত বিজ্ঞানীয়েও বক্তৃতা প্রদান কৰে৷ ইয়াৰ উপৰিও শিক্ষাবিদ, গৱেষক, স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলেও মৌখিক আৰু পোষ্টাৰ উপস্থাপন কৰে। এই সন্মিলনখনিৰ এক অনন্য বৈশিষ্ট্য হৈছে ই দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ, গৱেষকৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ ছাত্র-ছাত্রীসকলক মৌখিক আৰু পোষ্টাৰ দুয়োটা ক্ষেত্ৰতে তেওঁলোকৰ গৱেষণাৰ তথ্য উপস্থাপন কৰিবলৈ এক মঞ্চ প্ৰদান কৰে৷ পূৰ্ণাংগ বক্তাসকলৰ ভিতৰত আছে আই আই এছ চি বাংগালুৰুৰ ভৌতিক আৰু অজৈৱ ৰসায়ন বিভাগৰ অধ্যাপক ই ডি জেমিছ, অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক সৌৰভ পাল, ড° জি. এন. শাস্ত্রী, CSIR-NEIST ৰ সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰদীপ ফুকনকে ধৰি বহু বিশিষ্ট বিজ্ঞানীসকল। আলোচনাৰ অন্তৰ্গত অন্যান্য বিষয়বস্তু সমূহ হৈছে পলিহেড্ৰেল ব’ৰেনৰ ধাৰণাগত বিক্রিয়াশীলতাৰ ওপৰত ইলেক্ট্রনিক গঠন তত্ত্ব ভিত্তিক আলোচনা, নেন’ মেটেৰিয়েল-আৰু নেন’ টেকন’লজি ভিত্তিক বক্তৃতা, ঔষধ আৱিষ্কাৰ, ক্লিক ৰসায়ন, ষ্টেম চেল, সেউজৰসায়ন বিজ্ঞান, অৰ্গেন মেটালিক আৰু কৃত্ৰিম জৈৱ ৰসায়ন ইত্যাদি। বৈচিত্র্যময় গৱেষণা পটভূমিৰ বিপুল দক্ষ- বিজ্ঞানীসকলে সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া যুৱ গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মনত উৎসাহ যোগাব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত সম্ভৱতঃ বিজ্ঞানীসকলৰ মাজত বহুতো নতুন আৰু ফলপ্ৰসূ সহযোগিতা হ’ব যিয়ে হয়তো উমৈহতীয়া ভিত্তি বিচাৰি ছাত্র-ছাত্রীসকলে তেওঁলোকৰ গৱেষণা ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে ভৱিষ্যতৰ তত্বাৱধায়ক আৰু গুৰু বিচাৰি পোৱাৰ সম্ভাৱনা থাকিব। আমেৰিকান কেমিকেল ছ’চাইটিয়ে (এচিএছ) বিভিন্ন শ্রেণীৰ অংশগ্ৰহণকাৰীৰ মাজত শ্ৰেষ্ঠ মৌখিক আৰু পোষ্টাৰ উপস্থাপনৰ বাবে দহটা পুৰস্কাৰৰ পৃষ্ঠপোষকতা কৰিছে। এই সন্মিলনখনিক বৃত্তনীয় সহযোগিতা আগবঢ়াইছে ডি এছ টিৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা ব’ৰ্ড (এছ ই আৰ বি), অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এষ্টেক), ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী (ইনছা), প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ড, অসম কেমিকেলছ, এছ বি চাপ্লায়াৰ এপিকেম, নৰ্থ-ইষ্ট কেমিকেলছ কৰ্প’ৰেশ্যন (এন ই চি চি), জেনিথ ইণ্ডিয়া, কানাৰা বেংক, থার্মো ফিচাৰ, ডি এছ এণ্টাৰপ্ৰাইজ আৰু আৰ এ চাই টেক।

এনেধৰণৰ আন বাতৰিসমূহ