আই পি এল ২০২৪ৰ প্ৰথমখন মেচত চেন্নাইৰ জয়লাভ ।

নিউজনেষ্ট ২৩ মাৰ্চ ২০২৪,নিউজডেক্স : আই পি এল ২০২৪ৰ প্ৰথমখন মেচত চেন্নাইৰ
জয়লাভ । আই পি এলৰ ১৭ সংখ্যক ছিজনৰ প্ৰথমখন মেচত বিজয় সাব্যস্ত কৰিছে চেন্নাই ছুপাৰ কিংছে। আৰচিবিৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ৮টা বল বাকী থকা অৱস্থাত ৬ উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয় চেন্নাই ছুপাৰ কিংছে। জয়লাভ কৰা এই মেচখনত চেন্নাই ছুপাৰ কিংছৰ জয়ৰ নায়ক আছিল পেচ বলাৰ মুস্তাফিজুৰ ৰহমান। ইয়াৰ উপৰিও শিৱম ডুবে আৰু ৰবীন্দ্ৰ জাদেজাই বেটিঙত ফিনিছাৰৰ ভূমিকা পালন কৰাৰ লগতে ৰচিন ৰবিন্দ্ৰ আৰু অজিংক্য ৰাহানেও এই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায় এই মেচখনত।

এনেধৰণৰ আন বাতৰিসমূহ