আজি বিশ্ব ঘৰচিৰিকা দিৱস !

নিউজনেষ্ট, ২০ মাৰ্চ ২০২৩,নিউজডেস্কঃ আজি বিশ্ব ঘৰচিৰিকা দিৱস । সমগ্ৰ বিশ্বৰ লগতে মৰিগাঁও জিলাতো প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ উদ্যোগত মৰিগাঁও মহাবিদ্যালয় , বঘৰা ৰাজ্যিক চিকিৎসালয় আৰু মৰিগাঁও জিলা যক্ষ্মা নিৰ্মূল কেন্দ্ৰৰ সহযোগত প্ৰকৃতিপ্ৰেমী মঞ্চৰ মুখ্য কাৰ্য্যালয়ত ঘৰচিৰিকা দিৱস পালন কৰা হয়। নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, উত্তৰ-আমেৰিকা , ভাৰত, ইউৰোপকে ধৰি বিশ্বৰ দুই-তৃতীয়াংশ ভু-খণ্ডত উপলব্ধ বিশ্বৰ অন্যতম সাধাৰণ আৰু ব্যাপক প্ৰজাতি হিচাপে পৰিচিত ঘৰচিৰিকা চৰাইৰ সংখ্যা সমগ্ৰ বিশ্বত বৰ্তমান ষাঠি শতাংশ হেৰাই গৈছে । ইয়াৰে কোনোবা দেশত ২০ শতাংশ আন ক’ৰবাত ৯৮ শতাংশ ৷ জাকপাতি আহাৰ খোৱা বা ধুলিত খেলি কোলাহল কৰি ভালপোৱা এই ঘৰচিৰিকাৰ সৈতে মানুহৰ আত্মিক সম্পৰ্ক অতি প্ৰাচীন । পৰিৱেশৰ সূচক হিচাপে অভিহিত এই পখী প্ৰজাতিক সংৰক্ষণ কৰাটো বৰ্তমান সময়ত তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে গণ্য কৰা হৈছে ৷ সেয়েহে আজি I love sparrow থিম হিচাপে লৈ ঘৰচিৰিকা দিৱস উদযাপন কৰা হয় ৷ তদুপলক্ষে পুৱা ভাগত মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গছপুলি ৰোপন কাৰ্য্যসূচী লোৱা হয় ৷ পৰবৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চৰাইৰ বাহৰ ওপৰত বিশদভাৱে বৰ্ণনা কৰে প্ৰকৃতিপ্ৰেমী মঞ্চৰ সভাপতি হিতেশ শৰ্মাই । অনুষ্ঠানৰ অন্তত ঘৰচিৰিকা দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শিশুসকলে হাতে-হাতে প্লে কাৰ্ড লৈ এক ৰেলী কাৰ্য্যসূচীত অংশ লয় ।

এনেধৰণৰ আন বাতৰিসমূহ