আজি বিশ্ব জলাশয় দিৱস!

নিউজনেষ্ট ০২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ আজি বিশ্ব জলাশয় দিৱস৷ সমগ্ৰ বিশ্বতে জলাশয়ৰ গুৰুত্ব সম্পৰ্কে জনসজাগতা সৃষ্টিৰ মানসৰে ১৯৭১ চনৰ পৰা প্ৰতি বছৰে ২ ফেব্ৰুৱাৰী দিনটোত এই দিৱস পালন কৰা হয়৷ শেহতীয়াকৈ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ ওপৰত আন্তঃচৰকাৰী বিজ্ঞান-নীতি মঞ্চ ই জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ বিশ্বব্যাপী মূল্যায়ন প্ৰতিবেদনত জলাশয়ৰ জৈৱ বৈচিত্ৰ্যৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। য’ত জলাশয়ক আটাইতকৈ বিপন্ন পৰিৱেশ তন্ত্ৰ হিচাপে চিনাক্ত কৰা হৈছে, যাৰ ফলত জলাশয়ত বাস কৰা বা প্ৰজনন কৰা বিশ্বৰ ৪০% উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰ ওপৰত অভাৱনীয় প্ৰভাৱ পৰিছে। মানুহৰ অমানৱীয় কাৰ্যকলাপ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে এইসমূহ দ্ৰুতগতিত নোহোৱা হৈ যোৱাটো চিন্তনীয় বিষয়। গতিকে জলাশয় সংৰক্ষণ বৰ্তমান সময়ত মানৱতাৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ কাম হিচাবে বিবেচিত হৈছে৷ সেয়েহে এইবেলি পৃথিৱীৰ বৃক্কস্বৰূপ এই জলাশয়সমূহক সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ বাবে জনগনক উৎসাহিত কৰিবলৈ ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী সজাগতা সৃষ্টিৰ হেতু জলাশয় পুনৰুদ্ধাৰৰ সময়ৰ বিষয়বস্তুক লৈ ২০২৩ বৰ্ষৰ World Wetlands Day উদযাপন কৰা হৈছে৷
তদুপলক্ষে প্ৰকৃতিপ্ৰেমী মঞ্চ অসমেও আজি World Wetlands Dayৰ বিষয়ে ছাত্ৰছাত্ৰী সকলৰ লগতে জনগনৰ মাজত সজাগতা সৃষ্টি কৰাৰ মানসৰে সজাগতামুলক শুভাযাত্ৰা জলাশয় পুনৰুদ্ধাৰৰ সময়ৰ বিষয়বস্তুক লৈ ২০২৩ বৰ্ষৰ World Wetlands Day উদযাপন কৰা হৈছে৷
তৰাণি কলবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত মঞ্চৰ সভাপতি হিতেশ শৰ্মা, শিক্ষয়িত্ৰী পুৱালী শইকীয়া, সমাজসেৱক কৃষ্ণকান্ত ডেকা আৰু যুৱ প্ৰকৃতিপ্ৰেমী তথা শিক্ষক পুলিন ডেকাই ছাত্ৰছাত্ৰী সকলৰ লগত বাৰ্তালাপৰ জৰিয়তে জনসজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। বিবেচিত ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত মঞ্চৰ সভাপতি হিতেশ শৰ্মা, শিক্ষয়িত্ৰী পুৱালী শইকীয়া, সমাজসেৱক কৃষ্ণকান্ত ডেকা আৰু যুৱ প্ৰকৃতিপ্ৰেমী তথা শিক্ষক পুলিন ডেকাই ছাত্ৰছাত্ৰী সকলৰ লগত বাৰ্তালাপৰ জৰিয়তে জনসজাগতা সৃষ্টিৰ প্ৰয়াস কৰে৷

এনেধৰণৰ আন বাতৰিসমূহ