আজি সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ডঃ ধনজিৎ মেধিৰ মৃত্যু বাৰ্ষিকী।

নিউজনেষ্ট ০৪ এপ্ৰিল,২০২৩ : আজি সোণাপুৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত ডঃ ধনজিৎ মেধিৰ মৃত্যু বাৰ্ষিকী। তাৰ পৰিপ্ৰেক্ষিতত সোণাপুৰৰ লিটিল এঞ্জেল ইংলিছ হাইস্কুলত আজি ডঃ ধনজিৎ মেধি ফাউণ্ডেচনৰ উদ্যোগত আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় আন্তঃ বিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতা। ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা এই কুইজ প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰয়াত ডঃ ধনজিৎ মেধিৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত খনিকৰে। ডিমৰীয়াৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২৪খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত কুইজ প্ৰতিযোগিতাত। কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে সঞ্চালনা কৰা প্ৰতিযোগিতাখনিত শংকৰদেৱ শিশু বিদ্যা নিকেতন মালয়বাৰীয়ে প্ৰথম পুৰস্কাৰ, স্বৰ্ণ বিদ্যাপীঠ হাইস্কুল কমাৰপুৰে দ্বিতীয় পুৰস্কাৰ আৰু সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে শ্ৰেষ্ঠ প্ৰতিযোগিৰ পুৰস্কাৰ লাভ কৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অংকিত দাসে। পুৰস্কাৰ হিচাবে ট্ৰফী, প্ৰমাণ পত্ৰ, আৰু নগদ ধন প্ৰদান কৰা হয়। ইয়াৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ প্ৰমাণ পত্ৰ আৰু এটা গছপুলি প্ৰদান কৰা হয়। উল্লেখ্য যে ডঃ ধনজিৎ মেধি ফাউণ্ডেচনে সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত প্ৰতিবছৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰকে আদি কৰি ছাত্ৰ ছাত্ৰী সকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যৰে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

এনেধৰণৰ আন বাতৰিসমূহ