আপেল বগৰীৰ গোন্ধত আমোলমোল শগুনপাৰা গাঁও!

নিউজনেষ্ট, ১৭ মাৰ্চ ২০২৩,নিউজডেস্কঃ অসমৰ শস্যৰ এক অন্যতম ভড়াল হিচাপে জনাজাত গোলাঘাটৰ শগুনপাৰা গাওঁখন ৷ গাঁওখনৰ কাষেদি বৈ গৈছে মাতৃস্বৰূপা দৈয়াং নদী ৷ এই দৈয়াংনদীৰ পাৰৰ সাৰুৱা কৃষিভূমিত খেতিকৰি স্বাৱলম্বী হৈছে গাঁওখনৰ প্ৰায় ৯৮ শতাংশ লোক ৷ ইয়াৰ ভিতৰত কৃষক ভাই চুতীয়াই তেওঁৰ দুইপুত্ৰ তীব্ৰজিৎ আৰু নৱজিত তথা পত্নী হেপ্পী চুতীয়াৰ সহযোগত বিভিন্ন কৃষি কৰাৰ লগতে পাঁচবছৰৰ আগতে পৰিয়ালটোৱে ঘৰৰ কাষতে আঠবিঘা মাটিত গঢ়ি তুলিলে আপেল বগৰী আৰু থাইলেণ্ড বগৰীৰ বাৰি ৷ প্ৰথম বছৰৰ পৰাই গছবোৰত লোমালোমে ফল লাগিলবলৈ আৰম্ভ কৰিলে ৷ এতিয়া বগৰী চিঙি বজাৰলৈ নিয়াৰ সময় ৷ এটা চিজনত তেওঁলোকে বাৰিখনত উৎপাদন কৰে ৭০ ৰ পৰা ৮০ কুইণ্টল বগৰী ৷ অৱশ্যে এতিয়া শগুনপাৰা গাঁৱত আপেল বগৰীৰ গোন্ধে আমোলমোলাই আছে ৷ বগৰীৰ সুগন্ধ বতাহত চৌদিশে বিয়পি আমোলমোলাই থকা বাৰিখনলৈ আগমন ঘটা চৰাইৰ জাকেও যথেষ্ট অপকাৰ কৰে ৷ তেওঁলোকে বাৰিখনত প্ৰতিদিনে নিয়োগ কৰে ২৫ গৰাকীৰো অধিক পুৰুষ -মহিলাক ৷ প্ৰতিকিলোগ্ৰাম বগৰি ৪০ ৰ পৰা ৫০ টকাকৈ বিক্ৰী কৰে তেঁলোকে ৷ পূৰ্বতে গোলাঘাটৰ বজাৰলৈ গৈ বিক্ৰী কৰিছিল যদিও এতিয়া তেওঁলোকৰ বাৰিলৈ অসমৰ বিভিন্ন জিলাৰ ব্যৱসায়ীৰ আগমন ঘটে ৷ সেহতীয়াকৈ ভাইচুতীয়াৰ আদৰ্শ গ্ৰহণ কৰিছে এলেকাটোৰ পদ্ম গগৈ ; নিত্যানন্দ বৰা ; সোণটি বৰাকে ধৰি বহুকেইজন কৃষকে ৷ তেওঁলোকেও প্ৰত্যোকে বহুবিঘা মাটিত একোখনকৈ বগৰীৰ বাৰি স্থাপন কৰি বগৰী উৎপাদন কৰি আছে  আৰু যথেষ্ট লাভবান হৈছে ৷

এনেধৰণৰ আন বাতৰিসমূহ