আপোনাৰ নিজ সন্তানৰ ফটো সামাজিক মাধ্যমত দিলেই হ’ব শাস্তি!

নিউজনেষ্ট ০২ এপ্ৰিল,২০২৩ : সাধাৰণতে শিশু সন্তানে প্রত্যেক পিতৃ- মাতৃক দিয়ে অনাবিল আনন্দ। যাৰ পৰিপ্ৰেক্ষিতত আজিৰ সামাজিক মাধ্যমৰ যুগত প্রায় সকলো লোকেই শিশু সন্তানৰ ফটো প’ষ্ট কৰিবলৈ ভাল পায়। তদুপৰি সন্তানৰ হাঁহি, থুনুক-থানাক খোজ, উৎপাত আদি সকলোবোৰ পিতৃ-মাতৃয়ে ম’বাইল ফোনত ফটো আৰু ভিডিঅ’ৰ ৰূপত বন্দী কৰি ৰাখে।সেই মুহূৰ্তবোৰৰ ফটো বা ভিডিঅ’ বিভিন্ন সময়ত সামাজিক মাধ্যমত প’ষ্ট কৰে পিতৃ-মাতৃয়ে। আনহাতে সেইবোৰ দেখি পৰিচিত-অপৰিচিত সকলোৱেই তৃপ্তি পায়। অৱশ্যে এখন দেশত এতিয়াৰ পৰা আৰু সেয়া কৰিব পৰা নাযাব। কাৰণ সেই দেশত শিশুৰ ফটো বা ভিডিঅ’ সামাজিক মাধ্যমত প’ষ্ট কৰাটো নিষিদ্ধ হৈ পৰিছে। এই সন্দৰ্ভত দেশখনত সম্প্ৰতি আইনো প্রণয়ন কৰা হৈছে। আনকি আইন নামানিলে কঠোৰ শাস্তিৰো সন্মুখীন হ’ব লাগিব। সম্প্রতি ফ্রান্সত সেই আইন প্রণয়ন কৰা হৈছে। ফ্ৰান্সৰ আইন প্রণেতাসকলে জনাইছে যে শিশুসকলৰ গোপনীয়তা ৰক্ষা কৰিব লাগিব।

এনেধৰণৰ আন বাতৰিসমূহ