আম্পায়াৰক ন’ বল দিয়াৰ বাবে হত্যা কৰিলে খেলুৱৈয়ে।

নিউজনেষ্ট ০৫ এপ্ৰিল,২০২৩ : এই ঘটনা সংঘটিত হৈছে ওড়িষ্যাত। দুখন গাঁৱৰ মাজত খেলা এখন ক্ৰিকেট মেচত এজন আম্পায়াৰক ছুৰীৰে আঘাত কৰি হত্যা কৰা হ’ল। এই ঘটনা সংঘটিত হৈছে যোৱা দেওবাৰে। যি ঘটনাই এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি ব্ৰহ্মপুৰ আৰু শংকৰপুৰ নামৰ দুখন গাঁৱৰ মাজত অনুষ্ঠিত হৈছিল ক্ৰিকেট মেচ। মেচখনত আম্পায়ৰৰ দায়িত্ব পালন কৰিছিল লাকী ৰাউত নামৰ ২২ বছৰীয়া যুৱকজনে।এই মেচখনতেই লাকীয়ে ন’ বল দিয়াৰ বাবেই ৰঞ্জন ৰাউত নামৰ এজন খেলুৱৈয়ে খেলপথাৰৰ মাজতেই ছুৰীৰে আঘাত কৰে। এই ঘটনাৰ লগে লগেই স্থানীয় লোকে লাকীক হাস্পাতললৈ লৈ যায় যদিও স্থানীয় চি বি মডিকেল কলেজ, হাস্পতালৰ চিকিৎসকে মৃত ঘোষণা কৰে।লগে লগেই স্থানীয় লোকে হত্যাকাৰী ৰঞ্জনক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ