আৰক্ষী বাহিনীৰ স্বাস্থ্যৰ কথা চিন্তা কৰেনে?

নিউজনেষ্ট ০৭ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ মৰিগাঁৱৰ ব্যক্তিগত স্বাস্থ্যখণ্ডত সংযোজিত এক নতুন অধ্যায়,
মৰিগাঁও আৰক্ষী প্ৰশাসনৰ বাবে বিনামূলীয়াকৈ উন্নতমানৰ চিকিৎসাৰ যোগান ধৰিব চুলতান হস্পিতালে ।
মৰিগাঁৱৰ দমাল ৰোডৰ মৈধালি পথাৰত অৱস্থিত চুলতান হস্পিতাল এণ্ড ৰিছাৰ্চ চেন্টাৰে গ্ৰহন কৰিছে এই প্ৰশংসনীয় প্ৰদক্ষেপ নিজ কৰ্তব্যত নিয়োজিত আৰক্ষী প্ৰশাসন বা আৰক্ষী বিষয়া সকলৰ স্বাস্থ্যৰ পৰীক্ষাৰ বাবে মৰিগাওঁ চুলতান হস্পিতাল এণ্ড ৰিছাৰ্চ চেন্টাৰে লৈছে আদৰণীয় প্ৰদক্ষেপ । চলিত ফেব্ৰুৱাৰী মাহৰ ৭তাখিৰ পৰা ২১তাৰিখলৈ প্ৰতিদিনে ৫ গৰাকীকৈ আৰক্ষী বাহিনীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিব মৰিগাওঁ চুলতান হস্পিতালে ।
চুলতান হস্পিতাল এণ্ড ৰিছাৰ্চ চেন্টাৰৰ এনে প্ৰয়াসক এতিয়া মৰিগাঁও বাসী ৰাইজে ধন্যবাদ জনাইছে ।

এনেধৰণৰ আন বাতৰিসমূহ