ইউক্ৰেন আৰু ৰাছিয়াৰ যুদ্ধৰ বাবে বিদ্যুৎৰ মাচুল বৃদ্ধি হৈছে- শক্তি মন্ত্ৰী!

নিউজনেষ্ট ৩১ জানুৱাৰী ২০২৩,নিউজডেস্কঃ অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সকলো মন্ত্ৰীয়ে ঠায়ে ঠায়ে মে-ডাম-মে-ফী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে। সকলোৱে একেলগে মে-ডাম-মে-ফীউদযাপন কৰিছে আৰু সকলোৱে অসমীয়া সংস্কৃতিৰ বিষয়ে জানিব পাৰিছে। মে-ডাম-মে-ফী আগৰ পৰাই পালন কৰি আহিছে যদিও এইবাৰ প্ৰচাৰ ভালকৈ হৈছে। এই মন্তব্য শক্তি মন্ত্ৰী নন্দিতা গাৰলোচাৰ। আজি মৰিগাঁৱৰ চৰাইবাহিত অনুষ্ঠিত মে-ডাম-মে-ফীত অংশগ্ৰহণ কৰে শক্তি মন্ত্ৰী গৰাকীয়ে। অন্যহাতে বৰ্ধিত বিদ্যুৎ মাছুলৰ সম্পৰ্কত তেওঁ কয় যে ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে বিদ্যুৎৰ মাচুল বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। ইউক্ৰেনৰ আৰু ৰাছিয়াৰ যুদ্ধৰ ফলত হোৱা ইন্ধৰ মূল্য বৃদ্ধিয়ে বিদ্যুৎ মাছুলত প্ৰভাৱ পেলাইছে। বিগত ২১-২২ বৰ্ষত বিদ্যুৎ মাচুল ৩ টকা আছিল যদিও বৰ্তমান ৬ টকা হল। এইয়া বিজেপি চৰকাৰৰ বাবে হোৱা নাই। ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে হৈছে।

এনেধৰণৰ আন বাতৰিসমূহ