ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সফল সামৰণি ।

নিউজনেষ্ট, ২৫ মাৰ্চ ২০২৩, নিউজডেস্কঃ ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সফল সামৰণি ।

উপস্থিত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া।

আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে USTM ত অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ আজি সফল সামৰণি পৰে। ইয়াত মুখ্য অতিথি হিচাপে আছিল অসমৰ ৰাজ্যপাল গোলাব চান্ড কাটাৰিয়া।

নতুন দিল্লীৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটি চমুকৈ এআইইউৰ উদ্যোগত আৰু ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ সহযোগত ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ ইউ এছ টি এম চৌহদত এই সন্মিলন অনুষ্ঠিত হয়।

ৰাজ্যপাল গৰাকীক বিশেষ সন্মানেৰে আদৰি অনা হয় পেক্ষাগৃহলৈ।

 

 

সামৰণি অনুষ্ঠানত শিক্ষা সংস্কৃতি উত্থান ন্যাসৰ ৰাষ্ট্ৰীয় সম্পাদক অতুল কোঠাৰী আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডo ননী গোপাল মহন্ত , মেঘালয়ৰ শিক্ষামন্ত্ৰী ৰাক্কম এ চাংমাই বিশেষ অতিথি হিচাপে উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।

এনেধৰণৰ আন বাতৰিসমূহ