উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে কিষাণ ক্ৰেডিট কাৰ্ড জালিয়াতি আবেদন।

নিউজনেষ্ট ০৪ এপ্ৰিল,২০২৩ : কিষাণ ক্ৰেডিত কাৰ্ডৰ জালিয়াতিৰ অভিযোগ উত্তাপিত কৰি বিভিন্ন সময়ত এই বিষয়ত তদন্ত কৰিবলৈ দাবী জনাই আহিছে দেশৰ কৃষকসকলে । এই সন্দৰ্ভত অভিযোগকাৰীৰে দাখিল কৰা এক আবেদন সোমবাৰে নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে ।শীৰ্ষ নায়ালয়ে কয় সাধাৰণ অভিযোগৰ ভিত্তিত তদন্ত কৰাটো সম্ভৱ নহ’য় । ন্যায়াধীশ এছ কে কৌল আৰু অৰবিন্দ কুমাৰৰ বিচাৰপীঠে আবেদনকাৰীক ক্ৰেডিত কাৰ্ডৰ বিত্তীয় জালিয়াতিৰ সন্দৰ্ভত ৰিজাভ বেংকৰ কাষ চাপিবলৈ উপদেশ প্ৰদান কৰে।লগতে ন্যায়ালয়ে কয় ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদ অনুসৰি আবেদনকাৰীৰ সাধাৰণ অভিযোগৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াটো মুঠেও সম্ভৱ নহয় ।কিয়নো আবেদনকাৰী নিজেও এগৰাকী অধিবক্তা । লগতে অৰবিন্দ কুমাৰৰ বিচাৰপীঠে কয় যে প্ৰৱঞ্চনাৰ দুটা ঘটনাৰ বাহিৰে, আনবোৰ কিষাণ ক্ৰেডিট কাৰ্ড প্ৰণালীৰ কাম-কাজৰ বিষয়ে সাধাৰণ অভিযোগ ।

এনেধৰণৰ আন বাতৰিসমূহ