উচ্চতম ন্যায়ালয়ে লাভ কৰিছে ৫ গৰাকী নতুন ন্যায়াধীশ !

নিউজনেষ্ট ০৫ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ আজি দেশৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ নামত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। কলেজিয়ামক লৈ কাৰ্যবাহী আৰু ন্যায়পালিকাৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই অনুমোদন জনাইছে। শীৰ্ষ ন্যায়ালয়ৰ কঠিন প্ৰশ্নৰ সন্মুখীন হৈ কেন্দ্ৰীয় চৰকাৰে এদিন পূৰ্বে উচ্চতম ন্যায়ালয়ত কৈছিল যে পাঁচজন ন্যায়াধীশৰ নিযুক্তি সম্পৰ্কীয় অমীমাংসিত পৰামৰ্শ দেওবাৰৰ ভিতৰত ঘোষণা কৰা হ’ব। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শক অনুমোদিত কৰিছে। ইয়াৰ লগতে, উচ্চতম ন্যায়ালয়ে পাঁচজন নতুন ন্যায়াধীশ লাভ কৰিছে আৰু তেওঁলোকে সোমবাৰে অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব। ইয়াৰ পিছত, উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ৩২ লৈ বৃদ্ধি হ’ব। বাকী দুটা পদত অহা সপ্তাহত নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।

ন্যায়াধীশ পংকজ মিত্তাল, ন্যায়াধীশ সঞ্জয় কৰোল, ন্যায়াধীশ পি ভি সঞ্জয় কুমাৰ, ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহ আৰু ন্যায়াধীশ মনোজ মিশ্ৰাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে ৱাৰেণ্ট জাৰি কৰা হৈছে।

এনেধৰণৰ আন বাতৰিসমূহ