উত্তৰ গুৱাহাটীৰ এখন ৰজাদিনীয়া শিৱ পূজা!

নিউজনেষ্ট,১৮ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃউত্তৰ গুৱাহাটীৰ এখন ৰজাদিনীয়া শিৱ পূজা । প্ৰায় ছ শ বছৰ পূৰণি যি খন পূজাত আমিষ ভোগ ভক্তক বিতৰণ কৰা হয় । উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰূদ্ৰেশ্বৰ দেৱালয়ত এতিয়াও ৰজাদিনীয়া পৰম্পৰা অনুসৰি চাৰি প্ৰহৰ পূজাৰে মহাদেৱৰ আৰধনা কৰা হয় । ১৭ শতিকাতে আহোম ৰজা ৰূদ্ৰসিংহই উত্তৰ গুৱাহাটীত বাহৰ পাতি থাকোতে ৰজা নৰিয়াত পৰি মৃত্যু হয় । পুত্ৰ প্ৰমত্ত সিংহই মন্দিৰ নিৰ্মাণ কৰি পৃতৃৰ স্মৃতি যুগমীয়া কৰে । আজিও এই ৰূদ্ৰেশ্বৰ মন্দিৰত তাহানিৰ পৰম্পৰাৰে শিৱৰাত্ৰী উদযাপিত হৈ আহিছে । ইফালে পূৰাণ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়ত বৈদিক পৰম্পৰাৰে পালন কৰা হৈছে মহাশিবৰাত্ৰী । দক্ষিণাকালীখ্যাত দীৰ্ঘেশ্বৰী দেৱালয়তো চাৰি পহৰৰ পূজাৰ অন্তত আমিষ ভোগ বিতৰণ কৰা হয়।

এনেধৰণৰ আন বাতৰিসমূহ