একবিংশ শতিকাতো উন্নয়নৰ মুখ নেদেখা বোকাখাতৰ এখন ভিতৰুৱা গাওঁ।

নিউজনেষ্ট,০৬ মাৰ্চ ২০২৩, নিউজডেস্কঃ একবিংশ শতিকাতো উন্নয়নৰ মুখ নেদেখা বোকাখাতৰ এখন ভিতৰুৱা গাওঁ।বিধ্বস্ত বাট-পথৰ লগতে বিশুদ্ধ খোৱা পানীৰ অভাৱত জীয়াতু ভুগিছে গাওঁ বাসীয়ে। গাওঁ খনত এদিনো উপস্থিত হোৱাগৈ নাই বিধায়ক, মন্ত্ৰী অতুল বৰা।এশ এবুৰি সমস্যাৰে জৰ্জৰিত বোকাখাতৰ অতি ভিতৰুৱা এখন গাওঁ।

১০০টাৰো অধিক চাহ জনগোষ্ঠীৰ আৰু কাৰ্বি সম্প্ৰদায়ৰ পৰিয়ালে বসবাস কৰা কাৰ্বি আংলং আৰু বোকাখাতৰ সীমান্তৱৰ্তী এই গাওঁ খনত স্বাধীনতাৰ ৭৫ টা বছৰৰ পাছতো নহ’ল এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা,, নহ’ল সুচল বাট-পথৰ ব্যৱস্থা।

বিগত বছৰ বছৰ ধৰি পাহাৰৰ পৰা নিগৰি অহা পানী এদাল পাইপৰ জৰিয়তে এনেদৰেই সংগ্ৰহ কৰি তৃষ্ণা নিবাৰণ কৰি আহিছে গাওঁখনৰ প্ৰতিটো পৰিয়ালে।

প্ৰধান মন্ত্ৰীৰ জলজীৱন আঁচনি গাওঁ বাসীৰ বাবে এক সপোনহে মাথো।

ইফালে আজি পৰ্যন্ত পকী নহ’ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গাওঁৰ পথটো,,যাৰ বাবে বাৰিষা আহিলেই বিধ্বস্ত পথটোৰ বাবে যমৰ যাতনা ভুগীব লগা হয় স্কুল-কলেজলৈ যোৱা ছাত্র ছাত্ৰীৰ লগতে গাওঁ খনৰ ৰাইজে।

উল্লেখযোগ্য যে সমস্যাৰে জৰ্জৰ গাওঁ খনত আজি পৰ্যন্ত উপস্থিত হৈ পোৱা নাই কাৰ্যকালৰ সাতটাকৈ বছৰ অতিক্ৰম কৰা বোকাখাত সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী অতুল বৰা।

কেৱল নিৰ্বাচনৰ সময়তহে একাংশ নেতা-পালিনেতাক পঠিয়াই বিধায়ক অতুল বৰাই ভোট ভিক্ষা কৰাৰ অভিযোগ গাওঁ বাসীৰ।

যাৰ বাবে সমস্যাৰে জৰ্জৰ গাওঁ খনত স্থানীয় বিধায়ক গৰাকীক উপস্থিত হৈ শীঘ্ৰেই সমস্যা সমুহ সমাধানৰ আহ্বান জনাইছে এতিয়া গাওঁ বাসীৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাই।

 

এনেধৰণৰ আন বাতৰিসমূহ