একবিংশ শতিকাৰ এখন জৰাজীৰ্ণ বাহৰ দলং!

নিউজনেষ্ট, ১৭ মাৰ্চ ২০২৩, নিউজডেস্কঃ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্ত্তী বৰনদীৰ ওপৰত ১নং ৰৌমাৰী গাঁৱত দেশে স্বাধীনতাৰ ৭৬ টা বছৰত ভৰি দিয়াৰ সময়ত উন্নয়ন সম্ভৱ নহ’ল। যাতায়তৰ দুৰ্ভোগ আজিও শেষ নহ’ল গঞা ৰাইজৰ। ওদালগুৰিৰ আৰু ৰঙিয়া সমষ্টিৰ সংযোগস্থলীত থকা এই বাঁহৰ দলংখন আজি বহু বছৰ ধৰি এনেকৈয়ে জৰাজীৰ্ণ হৈ পৰি আছে। প্ৰায় ৯০ শতাংশ কৃষিজীৱি ৰাইজে বসবাস কৰা কেবাখনো গাঁৱৰ কৃষক ৰাইজে বহু কষ্ট কৰি শস্য সামগ্ৰী উৎপাদন কৰে যদিও দলংখনৰ অসুবিধাৰ বাব উপযুক্ত বজাৰ আৰু উপযুক্ত মূল্য লাভৰ পৰা বঞ্চিত হ’ব লগীয়া হয়। গাঁৱলৈ আজিও যাব নোৱাৰে এখন এম্বুলেঞ্চ।দহ বাৰখন গাওঁক সামৰি থকা এই পথটোৰে কোনো ৰোগী মেডিকেললৈ নিব লাগিলে ঠেলাৰে কঢ়িয়াই আনি দলং পাৰ কৰিহে গাড়ীত নিব লাগে। বাৰিষাৰ সময়ত ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ গ’লেও দুশ্চিন্তাত সময় পাৰ কৰিব লাগে অভিভাৱকে।আনকি দলংখনৰ পৰা পৰি বহুলোক আহত হোৱাৰ উপৰিও মৃত্যু মুখত পৰিব লগীয়া হৈছে কেবাজনো লোক। এই দলংখনৰ ঠাইত এখন পকী দলং অতি শীঘ্ৰেই নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক আৰু অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আহ্বান জনোৱাৰ লগতে উক্ত দলংখন অতি শীঘ্ৰেই পকীকৰণ কৰাৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে ১ নং ৰৌমাৰীৰ গাঁৱৰ ৰাইজে।গঞা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰ হায় হায়, বিশ্বজিৎ দৈমাৰী হায় হায় ধ্বনি দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ