এখন গামোছাৰ দাম বাৰু কিমান হব পাৰে!

নিউজনেষ্ট ৬ ফ্ৰেব্ৰুৱাৰী,২০২৩,শংকৰ দাস,নলবাৰী : এখন গামোছাৰ দাম বাৰু কিমান হব পাৰে৷এশ দুই শ বা এহেজাৰ বা তাকৈ বেচি ৷ নহয় এখন গামোচা বিক্ৰী হৈছে ২১০০১/= (একৈশ হেজাৰ এক) টকাত৷ পিচে অইন কতো নহয় এইখন অসমতে হৈছে ৷ নলবাৰীৰ বৰভাগৰ সানেকুছি ওজাতোলাৰ শ্ৰীশ্ৰী গোপাল গোসাইঘৰৰ বাৰ্ষিক উৎসৱৰ শোভাযাত্ৰাত শ্ৰীমদ্ভাগৱতৰ লগত থকা গামোছা আৰু মালাৰ প্ৰকাশ্য নিলাম যোগে ২১ হেজাৰ এক টকাত নিলামত ক্ৰয় কৰে গাওঁখনৰ উদীয়মান যুৱক অংকুৰ কলিতাই৷ আনহাতে প্ৰনামি সহ আন এখন গামোছা নিলাম যোগে পোন্ধৰ হেজাৰ পাচশ টকাত ক্ৰয় কৰে কনমানি ময়ুৰাক্ষী কলিতাৰ নামত৷ উল্লেখ্য যে বিগত কেইবাবছৰো আগৰে পৰা গাওঁখনত পৰাম্পৰাগত ভাবে উক্ত নিলাম পৰ্ব চলি আহিছে৷ গাওঁবাসীৰ বিশ্বাস যে উক্ত গামোছা ক্ৰয় কৰিলে পৰিয়ালৰ মংগল হয়৷ আজিও গাওঁখনত উক্ত পৰাম্পৰাৰে গামোছা নিলাম হৈছিল৷

এনেধৰণৰ আন বাতৰিসমূহ