এগৰাকী পাষান পুত্ৰ !

নলবাৰীৰ সাগৰকুছিত পাষাণ পুত্ৰ‌ই হত্যাকৰিলে নিজ জন্মদাত্ৰী মাতৃক

নিউজনেষ্ট ২৯ জানুৱাৰী,শংকৰ দাস,নলবাৰী : নলবাৰীৰ সাগৰকুছিত পাষাণ পুত্ৰ‌ই হত্যা কৰিলে নিজ জন্মদাত্ৰী মাতৃক । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সাগৰকুছি গাঁৱৰ চন্দি কলিতাৰ পাষাণ পুত্ৰ প্ৰাঞ্জল কলিতাই (বয়স ৩২বছৰ)হানিখুচি হত্যা কৰিলে নিজ মাতৃ পূৰ্ণিমা কলিতাক (বয়স ৬০বছৰ)।উল্লেখনীয় কথাটো হল প্ৰাঞ্জল কলিতাই মাতৃৰ সতে প্ৰায়ে কাজিয়াত লিপ্ত হয় আৰু মাতৃক মাৰধৰ কৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। আনকি হত্যাকাৰি প্ৰাঞ্জলৰ অত্যাচাৰত তেওৰ পত্নী পুত্ৰই প্ৰাঞ্জলক এৰি মাতৃৰ গৃহত থাকিবলৈ বাধ্য হৈছে। যোৱা নিশাও তেনে এক ঘটনা সংঘটিত হয়। খবৰ অনুসৰি মাতৃৰ সতে কাজিয়াত লিপ্ত হৈ মাতৃক হাচিখুচি হত্যাকৰি ১০৮ সেৱাক মাতি চিকিৎসা লয়লৈ লৈ যায় যদিও চিকিৎসকে মৃতবুলি ওভতাই পঠাই। ইয়াৰ পিচতে স্হানীয় ৰাইজে ঘটনাটো গম পায় হত্যাকাৰীক ধৰি বান্ধি ঘগ্ৰাপাৰ আৰক্ষীক চমজাই দিয়ে । পাষাণ পুত্ৰই মাতৃ ঘৰৰ ভিতৰত পিছলি পৰি আহত হৈ মৃত হোৱা বুলি ঘটনাৰ গাব দিবলৈ চেষ্টা কৰে যদিও স্হানীয় ৰাইজ উপস্হিত হৈ ক্ষত বিক্ষত অৱস্হাত মাতৃৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু মৃতদেহ ৰ কাষত এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰি স্হানীয় আৰক্ষী চকীক অৱগত কৰে। ঘটনাস্হলিত ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া আৰু ঘগ্ৰাপাৰ আৰক্ষী উপস্হিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

এনেধৰণৰ আন বাতৰিসমূহ