এজন ছাত্ৰৰ কৃতিত্ব!

নিউজনেষ্ট ০৩ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডিগবৈ সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ কৃতিত্ব:সাজি উলিয়াইছে একাধিক যন্ত্ৰ। স্কুল অথবা কলেজত পঢ়ি থকা কালটো ছাত্ৰ-ছাত্ৰীৰ বাবে সোণালী সময়।জিজ্ঞাসু মন, একাগ্ৰতা, ধৈৰ্য আৰু চৰিত্ৰবান হ’লে অসাধ্য সাদন কৰিব পাৰে।হয়,তেনে এক খবৰেই জনাইছোঁ। ডিগবৈ মুলিয়াবাৰী অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান, তেওঁ সম্প্ৰতি সৌমাৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিকৰ ক’লা শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ।দিনহাজিৰা কৰি পিতৃ বিজয় কৰ্মকাৰ আৰু মাতৃ ৰীতা কৰ্মকাৰে পঢ়োৱাইছে ৰঞ্জিত কৰ্মকাৰক।ৰঞ্জিতৰ কৃতিত্বৰ বতৰা ইতিমধ্যে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ দৃষ্টি নিবন্ধন হৈছে। পুতলা খেলা দিনৰ পৰা কিবাকিবি সাজি ভাল পোৱা ৰঞ্জিতে ডাঙৰ হৈ মৰনা মৰা যন্ত্ৰ,ঘাঁহবন নিষ্কাষণ কৰা যন্ত্ৰ, অগ্নি নিৰ্বাপক কাৰ্য্যত ব্যৱহাৰ কৰা গাড়ী আদি সাজি বিভিন্ন জনৰ দৃষ্টি আকৰ্ষণ কৰি বিভিন্ন সময়ত বিজ্ঞান প্ৰদৰ্শনিত অংশগ্ৰহণ কৰি বঁটা লাভ কৰা পিছত শেষতীয়াকৈ ২০২২ বৰ্ষত ডিগবৈ বিবেকানন্দ বিদ্যালয়ে হীৰক জয়ন্তী উদযাপন উপলক্ষে আয়োজিত আন্ত: স্কুল বিজ্ঞান প্ৰদৰ্শনিত সৌমাৰ বিদ্যাপীঠৰ পৰা যোগদান কৰা ৰঞ্জিত কৰ্মকাৰৰ চাৰিজনিয়া দলটোৱে বি গ্ৰুপত প্ৰথম স্থান লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ৰঞ্জিত কৰ্মকাৰৰ কৃতিত্বৰ বাবে সম্প্ৰতি বিভিন্ন পক্ষই তেওঁক জনাইছে অভিনন্দন।

এনেধৰণৰ আন বাতৰিসমূহ