এটা ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া বিপদ মাতি আনিছে ৰাইজৰ!

নিউজনেষ্ট, ২৮ মাৰ্চ ২০২৩, নিউজডেস্কঃ এটা ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া বিপদ মাতি আনিছে ৰাইজৰ।ধুবুৰী-বঙাইগাঁও জিলা সংযোগী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহলপুৰৰ চম্পাবতী নৈৰ ওপৰত থকা এখন দলংৰ মাজভাগত এতিয়া বিশাল ফাট মেলিছে।জানিব পৰা মতে প্ৰায় এক মাহৰ পৰা পথটোৰ অবস্থা এনেকৈয়ে আছে ফলত বহু বাইক বা চাইকেল আৰোহীয়ে বিপদত পৰিব লগা হৈছে।এইটোৱেই হৈছে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যিটো পথেৰে দিনে নিশাই হাজাৰ হাজাৰ বাহন অহা যোৱা কৰাৰ লগতে মন্ত্ৰী বিধায়ক সকলেও সেই পথটোৰে অহা যোৱা কৰি থাকে কিন্তু উক্ত ঠাইখিনি কোনো এজনৰ চকুত নপৰিল। ৰাষ্ট্ৰীয় ঘাইপথটোৰ দলঙৰ এনে দুৰৱস্থাই এতিয়া সকলোৰে চকু কপালত তুলিছে।নিমাত বিভাগীয় কতৃপক্ষ ,নিমাত দুয়োখন জিলাৰ প্ৰশাসন।

এনেধৰণৰ আন বাতৰিসমূহ