কচুৱাৰ লংজাপ পদুমনিৰ এগৰাকী ব্যক্তি সন্ধানহীন

নিউজনেষ্ট ২৬ ফ্ৰেব্ৰুৱাৰী, ইক্ৰামুল ইছলাম, কামপুৰ : নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লংজাপ পদুমণি গাঁওৰ বদৰুল ইছলাম সন্ধানহীন হোৱাত অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে আজি প্ৰায় এমাহ পূৰ্বে বহিঃ ৰাজ্যত কাম বিচাৰি গৈছিল বৰদুল ইছলাম নামৰ ব্যক্তিজন।।বহিঃ ৰাজ্যত কৰ্ম নোপোৱাত নিজ ঘৰলৈ ওভতি অহাৰ পথত সন্ধানহীন হৈ আছে বৰদুল ইছলাম নামৰ ব্যক্তিজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি অনুসন্ধান চলাইছিল যদিও আজি লৈকে কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আহ্বান জনায় কোনো লোকে উক্ত ব্যক্তিজনক প্ৰত্যক্ষ কৰিলে 7002408418 অথবা 6001759053 নম্বৰত নাইবা ওচৰৰ আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

এনেধৰণৰ আন বাতৰিসমূহ