কাজিৰঙাৰ বেদখলকাৰীয়ে কৰিছিল গঁড় হত্যাঃ চৰকাৰৰ সপোনক সাকাৰ কৰিবলৈ চলিব উচ্ছেদ!

নিউজনেষ্ট,১৬ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত বেদখলীকৃত ভূমিত উচ্ছেদ চলিবই। বৃহস্পতিবাৰে নগাঁৱত বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদ প্ৰসংগত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সপোন বাস্তৱায়িত কৰি বুঢ়াচাপৰি অভয়াৰণ্য দখল মুক্ত কৰা হৈছে ৷ এইখন চৰকাৰে অসমক আগুৱাই লৈ যাবলৈ কাম কৰিছে বুলিও তেঁও মন্তব্য কৰে।

লগতে মন্ত্ৰীগৰাকীয়ে বিগত দিনত নীতি বহিঃৰ্ভূতভাৱে মানুহ য’ত ত’ত বহাইছিল কংগ্ৰেছ চৰকাৰে। কংগেছৰ দিনতেই কাজিৰঙাৰ ওচৰে পাজৰে বেদখলীকৃত ভূমিত থকা লোকেই গঁড় হত্যা কৰিছিল। কংগ্ৰেছেই এই গঁড় হত্যাত সহায় কৰিছিল বুলি মন্তব্য কৰে ।

অসমৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে তেনে কাম কৰিব নোৱাৰো। আমাৰ দলৰ নীতি আদৰ্শ হৈছে যে, অসমৰ খিলঞ্জীয়া লোক, অসমৰ গঁড়, বনাঞ্চলসমূহ ৰক্ষা কৰা। তেনেস্থলত এই উচ্ছেদ অভিযান চলি থাকিবই বুলিও উল্লেখ কৰে।

আনহাতে ত্ৰিপুৰা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য আগবঢ়াই মন্ত্ৰী পীযুষ হাজৰীকাই। ত্ৰিপুৰাত বিজেপি দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি আশাবাদী মন্ত্ৰী পীযুষ হাজৰীকা। ত্ৰিপুৰাৰ চলিত নিৰ্বাচনত বিৰোধী কোনো প্ৰত্যাহ্বানেই নহয় বুলি মত প্ৰকাশ কৰি কয় যে, বিজেপি দলে একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব ত্ৰিপুৰাত।

এনেধৰণৰ আন বাতৰিসমূহ