কাৰ্বি আংলং আৰক্ষীয়ৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান!

নিউজনেষ্ট ০১ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ডিফু ৰে’ল ষ্টেচনত পুৱাই অভিযান চলাই উজনীমুৱা অৱধ আছাম ৰে’লৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১ কেজি সন্দেহজনক বগা হেৰ’ইন।

দুজন যুৱকে ৰেলেৰে ডিফুলৈ আনিছিল ড্ৰাগছখিনি।

আৰক্ষীয়ে চন্দ্ৰ শেখৰ সেন (৪৫) আৰু ধীৰাজ ছোলংকী নামৰ দুই যুৱকক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে।

আটকাধীন দুয়োৰে ঘৰ ৰাজস্থানৰ জাল’ৰ জিলাত।

হেৰ’ইনখিনিৰ মূল্য ১ কোটি টকাৰো অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।

ইফালে বোকাজান মহকুমাৰ লাহৰিজানতো বুধবাৰে পুৱা ৩০৪ গ্ৰাম হেৰ’ইন আৰক্ষীয়ে জব্দ কৰে।

ডিমাপুৰৰ পৰা এখন টাটা ডি আই গাড়ীত ড্ৰাগছখিনি কঢ়িয়াই আনিছিল।

আৰক্ষীয়ে ফয়াছ উদ্দিন নামৰ এজন ব্যক্তিক আটক কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ