কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল!

নিউজনেষ্ট ০৩ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ কাৰ্বি আংলঙত শুকুৰবাৰৰ দিনটোত মুঠ ৫৩ গৰাকী বেআইনী স্বামী, মধ্যভোগী আৰু কাজীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।সন্ধিয়া সংবাদ মেলযোগে এই তথ্য আগবঢ়াইছে কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই।এই অভিযান অব্যাহত থাকিব, পলাতকসকলৰ বিৰুদ্ধেও সন্ধান চলি থাকিব। জিলাখনৰ  বোকাজানত ২জন, বকলীয়াঘাটত ৬জন, বৰলাংফেৰত ৩ জন, বৰপথাৰত ৩জন, চকীহোলাত ১জন, দেইথৰত ৩জন, ডিলাইত ৬জন, ডিফুত ৪জন, ডকমকাত ৬জন, ডলামাৰাত ১জন, হাওৰাঘাটত ২জন, খটখটীত ৪জন, মাঞ্জাত ১০জন, ৰংমংৱেত ০ আৰু ছামেলাংছ’ত ১জনক গ্ৰেপ্তাৰ কৰা হয়।কাৰ্বি আংলঙত ১২৬ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈ আছে।

এনেধৰণৰ আন বাতৰিসমূহ