কাৰ্বি আংলঙৰ লাংকাইজানত বছৰ বছৰ ধৰি পৰা নাই উন্নয়নৰ পোহৰ!

নিউজনেষ্ট ২৯ ডিচেম্বৰ ২০২৩,অজিত ঝষি,ডিফু : কাৰ্বি আংলঙৰ পৰিষদীয় লুম্বাজং সমষ্টিৰ অধীনত থকা লাংকাইজানত বছৰ বছৰ ধৰি পৰা নাই উন্নয়নৰ পোহৰ। সদৰ চহৰ ডিফুৰ পৰা মাত্ৰ ২৩ কিলোমিটাৰ দূৰত্বত থকা বৃহৎ এলেকাটোৰ একমাত্ৰ পথৰ দুৰৱস্থাই ৰাইজক বছৰ বছৰ ধৰি জ্বলা-কলা খোৱাই আহিছে। অঞ্চলটোত নাই কোনো স্বাস্থ্য কেন্দ্ৰ, শিক্ষাৰ নামত আছে দুখন প্ৰাথমিক বিদ্যালয়। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেও লাংকাইজান বাসীয়ে কৰিছে হাহাকাৰ। বিশুদ্ধ খোৱা পানীৰ বাবে দিয়া কুৱা নিৰ্মাণৰ নামত এলেকাটোত কেলেংকাৰী হোৱাৰো অভিযোগ উত্থাপিত হৈছে। উন্নয়নৰ ক্ষেত্ৰত কাৰ্বি আংলং পৰিষদ ব্যৰ্থ হৈছে। পৰিষদে এই অঞ্চলবাসীক মাহী আইৰ চকুৰে চাইছে। নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বই উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সকলো ফুঁটুকাৰ ফেনত পৰিণত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। আনহাতে, বিশেষ কিছু নিৰ্দিষ্ট এলেকাতে উন্নয়ন সীমাৱদ্ধ নৰাখি সীমান্ত এলেকাতো উন্নয়নৰ ক্ষেত্ৰত কাৰ্বি আংলং পৰিষদৰ মুৰব্বীসকলে গুৰুত্ব দিব লাগে বুলি ষষ্ঠ সংখ্যক লাংকাইজান মহোসৱত উপস্থিত থাকি কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জৰ্জ তিমুঙে পৰিষদৰ বিৰুদ্ধে ক্ষোভ উজাৰে। লগতে নিজ প্ৰতিশ্ৰুতি ৰূপায়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক আহ্বান জনায়।

এনেধৰণৰ আন বাতৰিসমূহ