কিয় চিবিআইৰ জালত পৰিল মনিষ ছিচ’দিয়া?

নিউজনেষ্ট, ২৭ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক চিবিআইয়ে সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে প্ৰমাণ আৰু সাক্ষী দুয়োটা প্ৰস্তুত কৰিছে চিবিআইয়ে। এটা কম্পিউটাৰে চিবিআইক সহায় কৰিছে এই সমগ্ৰ ঘটনাত।

দাবী অনুসৰি চিছোদিয়াৰ কম্পিউটাৰৰ পৰা পোৱা তথ্যৰ আধাৰত চিবিআইয়ে এটা শক্তিশালী গোচৰ ৰুজু কৰিছিল। ১৯ আগষ্টৰ অনুসন্ধানৰ সময়ত জব্দ কৰা ডিজিটেল সঁজুলি এটা পৰীক্ষা কৰোঁতে, সংস্থাটোৱে আবকাৰী নীতিৰ খচৰা নথি পত্ৰৰ ডকুমেন্ট বিচাৰি উলিয়াইছিল যিটো আবকাৰী বিভাগৰ নেটৱৰ্কৰ অংশ নাছিল।

বিভিন্ন বিষয়াক সোধা পোছাৰ অন্তত ১৪ জানুৱাৰীত চিছোদিয়াৰ কাৰ্যালয়ৰ পৰা উক্ত কম্পিউটাৰটো জব্দ কৰিছিল। ইয়াৰে বেছিভাগ ফাইল কম্পিউটাৰৰ পৰা ডিলিট কৰি দিয়া হৈছিল যদিও ফৰেনচিক দলৰ সহায়ত ৰেকৰ্ডবোৰ পুনৰুদ্ধাৰ কৰিছিল।

ফৰেনচিক পৰীক্ষাই প্ৰকাশ কৰিছিল যে উক্ত ফাইলবোৰ হোৱাটছএপৰ জৰিয়তে আহিছিল। তাৰ পিছত চিবিআইয়ে ১৯৯৬ চনৰ বেচৰ দানিক্স বিষয়াজনক সোধা পোছা কৰিছিল। তেওঁ কৈছিল যে “চিছোদিয়াই মোক অৰবিন্দ কেজৰিৱালৰ বাসগৃহলৈ মাতিছিল। ২০২১ চনৰ মাৰ্চৰ মাজ ভাগত সতীন্দৰ জৈনও উপস্থিত আছিল আৰু মোক জিঅ’এম প্ৰতিবেদনৰ এটা প্ৰতিলিপি দিছিল,” ।

এই খচৰা (জিঅ’এম)ৰ প্ৰতিলিপিত ‘১২ শতাংশ লাভৰ মাৰ্জিন চৰ্ত’ অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এই সম্পৰ্কিত ফাইলৰ কোনো ৰেকৰ্ড নাছিল। চিছোদিয়াৰ কাৰ্যালয়ৰ পৰা জব্দ কৰা প্ৰমাণ আৰু তেওঁৰ সচিবৰ ভাষ্যই চিবিআইক সহায় কৰিছিল। তদুপৰি চিবিআইৰ জেৰাত এই সন্দৰ্ভত মনিষ ছিচদিয়াই কোনো উত্তৰ দিব পৰা নাছিল বা কোনো ধৰণৰ এনে ফাইল নাই বুলি কৈছিল।

এনেধৰণৰ আন বাতৰিসমূহ