কৃষিমন্ত্ৰীৰ গৃহ পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ!

RTI তথ্যত উন্মোচিত হৈছে উন্নয়নৰ প্ৰকৃত স্বৰূপ।

নিউজনেষ্ট ০১ মাৰ্চ , উত্তম কুমাৰ শৰ্মা,বোকাখাত : কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টিৰ অন্তৰ্গত ম’হমাইকী গাওঁ পঞ্চায়তত চলিছে এতিয়া চৰকাৰী আঁচনিৰ মুকলি দৰ-দাম। খকুৱা পঞ্চায়ত প্ৰতিনিধিয়ে ধন নাপালে নিদিয়ে চৰকাৰী ঘৰ। এই অভিযোগ অসম চাহ জনজাতি ছাত্র সন্থাৰ বোকাখাত শাখা সমিতিৰ।লাখে লাখে চৰকাৰী ধন আৱন্তন পোৱাৰ পাছতো আঁচনি ৰূপায়ণত ব্যৰ্থ পঞ্চায়ত খনে চাহ বাগিছা অধ্যোষিত অঞ্চলৰ উন্নয়নত স্থবীৰতা অনাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে উল্লেখযোগ্য যে বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত খনে বিগত কেইবাটাও বিত্তীয় বৰ্ষত ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ খতিয়ান তথা চৰকাৰী পুঁজি ব্যৱহাৰৰ বিৱৰণ বিচাৰি চলিত বৰ্ষৰ ৯জানুৱাৰীত তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে এক আবেদন জনাইছিল সংগঠনটোৱে। কিন্তু উক্ত আবেদনত উল্লেখ থকা তথ্যৰ বিপৰীতে কেৱল মাত্ৰ এনেৰেগা আঁচনিৰ এমুঠিমান তথ্য প্ৰদান কৰিয়েই পঞ্চায়তখনে দায় সৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতিয়ে।ইফালে যথেষ্ঠ পৰিমাণৰ চৰকাৰী পুঁজি জমা হৈ থকাৰ পাছতো চাহ জনগোষ্ঠী অধ্যোষিত এলেকাত পঞ্চায়ত খনে ৰূপায়ণ কৰিব পৰা নাই পূৰ্বেই প্ৰস্তাৱিত বহু কেইটা উন্নয়ন মুলক আঁচনিৰ কাম,,কেৱল কাগজে কলমেহে পঞ্চায়ত খনে আঁচনি ৰূপায়ন হোৱা দেখুৱাই অহাৰ অভিযোগ ছাত্র সংগঠনটোৰ,,, যাৰ বাবে মঙ্গলবাৰে পঞ্চায়ত কাৰ্যালয়টোত উপস্থিত হৈ ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই এই সন্দৰ্ভত মহকুমাধিপতিৰ লগতে জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনাই চাহ জনজাতি ছাত্র সংগঠনটোৱে।আনহাতে সংগঠনটোৰ সকলোবোৰ অভিযোগ নস্যাৎ কৰাৰ লগতে পঞ্চায়ত খনৰ অধীনত প্ৰায়বোৰ আঁচনিৰ কামেই সুচাৰুৰূপে চলি থকাৰ উপৰিও চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হৈ অহা বুলিহে মন্তব্য কৰে পঞ্চায়তখনৰ বিষয়ববীয়াই।

এনেধৰণৰ আন বাতৰিসমূহ