‘কৃষ্টিৰ কঠীয়া ‘ ৰ প্ৰসংশনীয় পদক্ষেপ!

নিউজনেষ্ট,০৩ মাৰ্চ ২০২৩,নিউজডেস্কঃকৃষি কৰ্মৰ লগতে মৌ  পালনেৰে যে  স্বাৱলম্বি হব পাৰি তাৰে এক নিদৰ্শন দাঙি ধৰিছে ‘কৃষ্টিৰ কঠীয়া ‘ নামৰ এটি বে চৰকাৰী সংস্থায় ৷

এই সন্দৰ্ভত আজি  ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত তেতেলীয়াত   কৃষ্টিৰ   কঠীয়াৰ  উদ্যোগত আৰু  নাবাৰ্ডৰ সহযোগত  এটি মৌ পালনৰ প্ৰশিক্ষন কেন্দ্ৰ মুকলি কৰা হয়  ৷

ইয়াৰ পিছতে   ৯০ গৰাকী মহিলাক মৌ পালনৰ বাবে যি   এমাহ ধৰি  প্ৰশিক্ষন দিয়া হৈছিল   প্ৰশিক্ষনৰ অন্তত আজি মহিলা সকলৰ মাজত প্ৰমান পত্ৰ বিতৰন কৰা  হয় ৷

কৃষ্টিৰ কঠীয়াৰ উদ্যোগত নাবাৰ্ডৰ  বিওীয় সহযোগত আৰাম্ভ হোৱা মৌ পালনৰ দুবছৰীয়া প্ৰকল্পটিৰ জৰিয়তে অঞ্চলটোৰ আত্মসহায়ক গোট সমূহক স্বাৱলম্বী আৰু উদ্যোগী কৰি তোলাই হৈছে মূল উদ্দেশ্য ৷

আজিৰ এই অনুষ্টানত  সংস্হাটোৰ মুখ্য কাৰ্যবাহী বিষয়া বিস্মিতা দও  ,নাবাৰ্ডৰ কামৰূপ জিলাৰ উন্নয়ন প্ৰৱন্ধক ৰাজেশ কুমাৰ ডুবেই , কৃষ্টিৰ কঠীয়াৰ পৰিচালন সঞ্চালক  প্ৰদ্যুম্ন  বৰা  , গাৱলিয়া বেংক সোণাপুৰ শাখাৰ প্ৰৱন্ধক চফিও আহমেদ, জুলিভা শইকীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

এনেধৰণৰ আন বাতৰিসমূহ