কেৰালাই লাভ কৰিলে তৃতীয় লিংগৰ প্ৰথম গৰাকী অধিবক্তা!

নিউজনেষ্ট, ২০ মাৰ্চ ২০২৩, নিউজডেস্কঃকেৰালাই লাভ কৰিলে তৃতীয় লিংগৰ প্ৰথম গৰাকী অধিবক্তা। পদ্ম লক্ষ্মীয়ে ৰাজ্যখনৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে যোগদান কৰে।

ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী পি ৰাজীৱে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত অধিবক্তা গৰাকীৰ ফটোগ্ৰাফাৰ শ্বেয়াৰ কৰি অভিনন্দন জনাইছে। মন্ত্ৰী গৰাকীয়ে জনাই যে পদ্ম লক্ষ্মী ১,৫০০ তকৈও অধিক আইন স্নাতকৰ ভিতৰত এজন আছিল। দেওবাৰে তেওঁ এই কামত যোগদান কৰে।

তেওঁ কয় যে, “পদ্ম লক্ষ্মীক অভিনন্দন যিয়ে জীৱনৰ সকলো বাধা অতিক্ৰম কৰিৰু কেৰালাত প্ৰথম তৃতীয় লিংগৰ অধিবক্তা হিচাপে যোগদান কৰে। এই এক অনবৈদ্য সাফল্য। লগতে কয় যে নিৰুৎসাহিত কৰিবলৈ মানুহ থাকিবই গতিকে তেওঁক সকলো বাধা নেওচি কাম কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।

এনেধৰণৰ আন বাতৰিসমূহ