ক্ষেত্ৰীত জব্দ বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ!

নিউজনেষ্ট,০৫ মাৰ্চ ২০২৩,নিউজডেস্কঃ

মহানগৰীৰ ক্ষেত্ৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ ৷

ক্ষেত্ৰী আৰক্ষীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত AS 01 NC 6977 নম্বৰৰ ট্ৰাকসহ জব্দ কৰে সুৰাৰ কাৰ্টুন সমূহ ৷

মহানগৰ অভিমুখী ট্ৰাক খনত অবৈধ ভাবে সৰৱৰাহ কৰি আনিছিল সুৰা ভৰ্ত্তি কাৰ্টুন সমূহ৷

এই সন্দৰ্ভত এজনক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে ক্ষেত্ৰী আৰক্ষীয়ে।

জব্দকৃত সুৰা খিনিৰ মূল্য কেইবালক্ষ্যাধিক হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ আন বাতৰিসমূহ