ক্ষেত্ৰীৰ নিহাং বেলগুড়িত দেহাল ৰংকেৰ পূজা!

নিউজনেষ্ট, ২৮ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ আজি ক্ষেত্ৰীৰ সমীপৰ নিহাং বেলগুৰিৰ দেহাল থানত পালন কৰা হয় কাৰ্বি সকলৰ পৰম্পৰাগত কাৰ্বি দেহাল ৰংকেৰ পূজা। এই পূজাৰ লগত সংগতি ৰাখি আজি কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে আৰাধ্য দেৱতাগৰাকীক পূজা অৰ্চনা কৰাৰ লগতে নৈবেদ্য আগবঢ়ায় নিহাং বেলগুৰিৰ গঞা ৰাইজে। উল্লেখ্য যে ৰাইজৰ মংগলাৰ্থে অনুষ্ঠিত হোৱা উক্ত পূজাভাগিত আজি ভক্তপ্ৰান ৰাইজে একেলগে আশিষ লৈ সমাজৰ সকলোৰে মংগল কামনা কৰা পৰিলক্ষিত হয়।

এনেধৰণৰ আন বাতৰিসমূহ