খালিস্তানীৰ ৰোষত পৰিছে অসমৰ মুখ্যমন্ত্ৰী !

নিউজনেষ্ট, ০২ এপ্ৰিল ২০২৩, নিউজডেস্কঃ এইবাৰ খালিস্তানীৰ ৰোষত পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী গৰাকীলৈ হত্যাৰ ভাবুকি প্ৰদান কৰিছে খালিস্তানী নেতাই। সংগঠনটোৰ অধিবক্তা গুৰপটৱান্ত সিং পান্নুৱে দিছে এই ভাবুকি।

জানিব পৰা মতে এক অডিঅ ক্লিপ যোগে দিল্লীৰ সাংবাদিকলৈ এই ভাবুকি প্ৰদান কৰে খালিস্তানীয়ে। অজ্ঞাত স্থানৰ পৰা অহা এই অডিঅ ক্লিপত মুখ্যমন্ত্ৰী গৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰে।

চৰকাৰে অসমত থকা খালিস্তানী সকলক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন কৰিছে এই অডিঅ ক্লিপত। লগতে খালিস্তানী সমৰ্থক, ভাৰত আৰু মোডীৰ মাজৰ যুদ্ধ খনত হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ নকৰিবলৈ সকিয়নি প্ৰদান কৰে।

ইয়াৰ লগে লগে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা অসম আৰক্ষী অধীক্ষকৰ। তদুপৰি বৃদ্ধি কৰা হৈছে মুখ্যমন্ত্রীৰ নিৰাপত্তা ব্যৱস্থা ।আনহাতে এই ভাবুকি প্ৰদানৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে ৰাজ্যৰ মন্ত্ৰী-বিধায়কে। এই সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে, কোনো সন্ত্ৰাসবাদীৰ ভাবুকিয়ে মুখ্যমন্ত্ৰীক ভয় খুৱাব নোৱাৰে। দেশৰ অখণ্ডতা, সাৰ্বভৌমত্বৰ প্ৰতি আমাৰ সন্মান আছে। কাৰোবাৰ যদি সাহস আছে ভাৰতৰ ভূমিত আহক।

এনেধৰণৰ আন বাতৰিসমূহ