খুমটাইত পবিত্ৰ মে ডাম মে ফী উদযাপন : এশ তিনি বছৰীয়া আইতাৰ অংশ গ্ৰহণ !

নিউজনেষ্ট ৩১ জানুৱাৰী ২০২৩, নিউজডেস্কঃ আজি পবিত্ৰ মে ডাম মে ফী ।আহোম জনগোষ্ঠীয়ে উপৰি পুৰুষক স্মৰণ কৰি আজি উদযাপন কৰিলে পবিত্ৰ উৎসৱটি।গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ লগতে খুমটাই সমষ্টিৰ চংকলাৰ মহমৰা জান ৰাজহুৱা খেলপথাৰতো অনুষ্ঠিত কৰিলে আহোম জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ মে ডাম মে ফী ।দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহমৰা জান খেলপথাৰত অনুষ্ঠিত কৰা আহোম জনগোষ্ঠীৰ পবিত্ৰ এই উৎসৱত অঞ্চলটোৰ লোক সকলৰ ওপৰি বিধায়ক মৃণাল শইকীয়া , স্থানীয় জেষ্ঠ্য সকলৰ লগতে এশ তিনিবছৰীয়া আইতাই ও অংশ গ্ৰহণ কৰি চাকি বন্তি জ্বলাই পূৰ্বপুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰে ।সপ্তম বৰ্ষলৈ মাহমৰা জান খেলপথাৰত মে ডাম মে ফী উদযাপন সমিতিয়ে অনুষ্ঠিত কৰা পবিত্ৰ অনুষ্ঠান ভাগিৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি দিলীপ বাইলুঙে , মৈদাম তৰ্পণ কৰে গোপাল গগৈয়ে আৰু পূজা ভাগ সম্পন্ন কৰে গোপাল গগৈ আৰু দেৱেশ্বৰ গগৈয়ে।মে ডাম মে ফীৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি, কবিতা, গীত আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।ইয়াৰ পিছতে মুকলি সভা আৰু সভাৰ পিছত সকলোৱে সম্প্ৰীতিৰে এসাঁজ আহাৰ গ্ৰহণ কৰে।আনহাতে অঞ্চলটোৰ ধলাজান আৰু চুকাফা সমন্বয় ক্ষেত্ৰত ও উদযাপন কৰে আহোম জনগোষ্ঠীৰ পবিত্ৰ মে ডাম মে ফী ।

এনেধৰণৰ আন বাতৰিসমূহ