খুমটাইৰ সমীপৱৰ্তী গৰিয়াজানত কৃষি মন্ত্ৰী অতুল বৰা !

নিউজনেষ্ট,২৭ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ বোকাখাত সমষ্টিৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৃষিমন্ত্ৰী অতুল বৰা । গোলাঘাট জিলাৰ খুমটাই অঞ্চলৰ সমীপৱৰ্তী গৰিয়াজানত মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিলে এটি বিশুদ্ধ খোৱা পানীৰ যোগান আচনি । এই আঁচনিৰ জৰিয়তে ১৭৫ ঘৰ লোকে লাভ কৰিব বিশুদ্ধ খোৱা পানীৰ সুবিধা । অতি সুন্দৰকৈ নিৰ্মাণ কৰা পানী যোগান আঁচনিটোক লৈ সুখী মন্ত্ৰী অতুল বৰা ৷ আনহাতে বৰ্তমান চৰ্চিত বন্দনা কাণ্ডৰ লগতে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰতো তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ।

এনেধৰণৰ আন বাতৰিসমূহ