খুমটাই সমীপৰ তামুলীপথাৰত ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি

নিউজনেষ্ট ২৮ মাৰ্চ ২০২৩ : অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ৰাজ্যৰ চৌদিশে ঢোল,পেঁপা,গগণাৰ মাতত এতিয়া উখল মাখল পৰিবেশ ৷ ৰঙালীক আদৰিবলৈ খুমটাইৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা । তামুলীপথাৰৰ জাংফাই জেং বিহু দলৰ মহিলা-যুৱতী সকল ব্যস্ত হৈ আছে বিহুৰ আখৰাত ৷ বোৱাৰী জীয়ৰী সকলোৱে একেলগে প্ৰাকৃতিক পৰিবেশৰ মাজত কৰিছে আখৰা ৷ ৰাজ্যৰ বিভিন্ন মঞ্চত জেংবিহু পৰিৱেশনৰ বাবে এনেদৰেই জাংফাই জেং বিহুদলে পুৰ্ণগতিত চলাইছে আখৰা । বিহু নাচি মতলীয়া হৈ পৰিছে মহিলা-যুৱতী সকল ৷ মহিলা সকলে বিহুৰ জা-জলপান,পিঠা-পনা প্ৰস্তুত কৰাৰ প্ৰাকমুহূৰ্তত আগতিয়াকৈ কৰিছে আখৰা।

এনেধৰণৰ আন বাতৰিসমূহ