খোদ স্বাস্থ্যকৰ্মীৰ পত্ৰত উন্মোচিত হৈছে বোকাখাতৰ বিয়াগোম চৰকাৰী চিকিৎসালয়ৰ ফোপোলাস্বৰূপ!

নিউজনেষ্ট ৮ ফ্ৰেব্ৰুৱাৰী,২০২৩,উত্তম কুমাৰ শৰ্মা, বোকাখাত : এখন অভিযোগ পত্ৰই জোকাৰিছে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ লগতে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগক। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে চিকিৎসালয়খনৰ আশা কৰ্মীসকলে যুতীয়া সঞ্চালকৰ লগতে মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনে উন্মোচিত কৰিছে চিকিৎসালয়খনৰ অভাৱগ্ৰস্ততাৰ এক ভয়ংকৰ চবি। ২০২১ চনৰ ৭ফেব্ৰুৱাৰীত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি আড়ম্বৰপূৰ্ণভাৱে মুকলি কৰা বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়খনৰ বিভিন্ন অভাৱ অভিযোগৰ লগতে চিকিৎসালয়খনৰ এই ফোঁপোলা স্বৰূপটো শেহতীয়াকৈ উদঙাই দেখুৱাব লগীয়া হ’ল খোদ চিকিৎসালয়খনৰেই একাংশ আশা কৰ্মীয়ে। চিকিৎসালয়খনত কৰ্মৰত আশাকৰ্মীসকলে সংগঠিত ভাৱে মহকুমা স্বাস্থ্য বিষয়াৰ যোগেদি চিকিৎসালয়খনৰ যুতীয়া সঞ্চালকলৈ প্ৰেৰণ কৰা এক দীঘলীয়া অভিযোগ পত্ৰত উন্মোচিত হৈছে ১০০খন বিচনাযুক্ত চিকিৎসালয়খনৰ বাহিৰে ৰংচঙীয়া,ভিতৰে কোৱা-ভাতুৰী স্বৰূপটো।চিকিৎসালয়খনৰ এই অভাৱ অভিযোগ সমুহৰ বাবে দীৰ্ঘদিনৰ পৰা মহকুমাটোৰ ৰোগী সকলে লাভ কৰা নাই পৰ্যাপ্ত চিকিৎসা সেৱা। চিকিৎসালয়খনৰ যুতীয়া সঞ্চালকলৈ আশাকৰ্মীসকলে সংগঠিতভাৱে প্ৰেৰণ কৰা উক্ত ১৪দফীয়া পত্ৰখনত উল্লেখ কৰা অনুসৰি –

(১)জৰুৰী অস্ত্ৰোপচাৰ কৰিব পৰাকৈ মেডিচিন বিশেষজ্ঞ আৰু এনাচথেচিয়াছৰ অভাৱ,স্থায়ী -অস্থায়ী বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ বাবে সাধাৰণ ৰোগতেই আন চিকিৎসালয়লৈ ৰেফাৰ কৰিবলগীয়া অৱস্থা।

(২)জৰুৰী ৰোগীক আলট্ৰাচাউণ্ড কৰিব পৰাকৈ গুণগত মেচিনৰ অভাৱৰ লগতে ECG মেচিনৰ অভাৱ,লগতে চিকিৎসালয়খনত দহখন বিচনাযুক্ত ICU কক্ষ থকাৰ পাছতো টেকনিচিয়ান আৰু মেডিচিন বিশেষজ্ঞ নথকাৰ বাবে ৰোগীয়ে ICU ৰ সুবিধা লাভ নকৰা,

আনহাতে (৩)বিয়াগোম চিকিৎসালয়খনত ৰোগীয়ে জৰুৰী ভাৱে ব্যৱহাৰ কৰিব পৰাকৈ থকা লিফ্টতো ব্যৱহাৰৰ অনুপযোগী হৈ থকাৰ কথা উল্লেখ কৰিছে।

উল্লেখযোগ্য যে বিগত বিধান সভাৰ নিৰ্বাচনৰ প্ৰাকমূহুত্বত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা চিকিৎসালয়খনৰ এনে গুৰুত্বপূৰ্ণ অভাৱ অভিযোগৰ বাবেই সাধাৰণ ৰোগীকো মহকুমাটোৰ বাহিৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়খন আজিও পূৰ্বৰ দৰে এক ৰেফাৰেল ইউনিট হৈ থকাহে পৰিলক্ষিত হৈছে।

ইফালে খোদ চিকিৎসালয়খনৰ আশাকৰ্মী সকলে উদঙাই দিয়া একপ্ৰকাৰ বগা হাতীত পৰিণত হোৱা মহকুমাটোৰ বৃহৎ অট্টালিকাৰ চিকিৎসালয়খনৰ এই ফোপোলা স্বৰূপ টোৱে স্বাভাৱিকতেই ৰাজ্যখনৰ বিয়াগোম স্বাস্থ্য বিভাগটোৰ দায়বদ্ধতাৰ ওপৰতো উত্থাপন কৰিছে এক বৃহৎ প্ৰশ্ন।

উল্লেখযোগ্য যে বোকাখাত বিধান সভা সমষ্টিৰ ভুক্তভোগী ৰাইজে এনেবোৰ প্ৰশ্নকেই বিভিন্ন সময়ত বিধায়ক অতুল বৰা,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰতো উত্থাপন কৰি আহিছে যদিও বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই মহকুমাবাসীয়ে।

আনহাতে শাসনাধিষ্ঠ দলৰ বহুকেইগৰাকী আগশাৰীৰ নেতাৰ লগতে কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী তথা প্ৰভাৱশালী ব্যক্তিৰ উপৰিও খোদ বোকাখাতৰ বিধায়ক – কৃষিমন্ত্ৰী অতুল বৰা সভাপতিৰ দায়িত্বত থকা চিকিৎসালয়খনৰ এখন পৰিচালনা সমিতি থকাৰ পাছতো চিকিৎসালয়খনৰ এনে ভয়ংকৰ অভাৱগ্ৰস্ত অৱস্থাটোৰ প্ৰতি স্বাস্থ্যবিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰাটোয়েও সাধাৰণ ৰাইজক হতাশ কৰি আহিছে।

স্বাভাৱিকতেই প্ৰশ্ন হয়, নিৰ্বাচনৰ পূৰ্বে বোকাখতীয়া ৰাইজক এক বৃহৎ সকাহ দিয়া প্ৰতিশ্ৰুতিৰে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাক জমকতাৰে মুকলি কৰা বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়খনে আজিও কিয় উপকৃত কৰিব পৰা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজক?নে কেৱল এক বৃহৎ নিৰ্বাচনী চমকহে আছিল বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ এই বিশালকায় অট্টালিকাটো ?

এনেধৰণৰ আন বাতৰিসমূহ