গছৰগুৰি লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উদযাপন !

নিউজনেষ্ট,১১ মাৰ্চ ২০২৩,নিউজডেস্কঃ গছৰগুৰি গাওঁত ১৯৭০ চনতে সেই সময়ৰ পুৰুধা ব্যক্তি ৰাজেন ডেকা লগতে গছৰগুৰি গাওঁবাসী লগতে , ওচৰৰ গাওঁ — দুৱনী,পাটকুমৈ,উদৰি,মালপুটা,ছাটনগুৰী ঢেকিফলা বাসী ৰাইজৰ উদ্যোগত জন্ম লাভ কৰা লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয় খন ৫০ বছৰ গৰকীলে।যোৱা 2020 চনত সোনালী জয়ন্তী হব লাগিছিল যদিওঁ কভিড মহামাৰি লকডাউনৰ বাবে পাতিব নোৱাৰাত এইবাৰ ৰাইজৰ সহযোগত 2023 চনৰ ২৭,২৮,২৯ মাৰ্চত ৩ দিনিয়া বৰ্নাধ্য কায্যসুচীৰে আয়োজনৰ দিহা কৰিছে ।

আজি লাইখুটা পুতা অনুষ্ঠানত অংশ লয় মৰিগাওঁ বিধায়ক ৰমা দেউৰী লগতে তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জিবন কোঁৱৰে

সোনালী জয়ন্তীৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ বাবে বিধায়ক ৰমাকান্ত দেউৰীক সভাপতি আৰু প্ৰধান শিক্ষক লীলাধৰ মেধিক সম্পাদক হিচাপে লৈ এখন শক্তি শালি কমিটি গঠন কৰে।

প্ৰাক্তন ছাত্ৰ তথা আদৰণি সমিতিৰ উপ সভাপতি জয়ন্ত ডেকাই আহ্বান জনায় যে ২৭,২৮,২৯ মাৰ্চ ত হব লগা প্ৰতিতো কাৰ্য্য সুচীতে বিদ্যালয় খনত অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক নিমন্ত্ৰণ জনোৱাৰ লগতে সহায় সহযোগীতা কামনা কৰে।

এনেধৰণৰ আন বাতৰিসমূহ