গুৱাহাটীত উন্মোচন ডঃ নন্দ সিং বৰকলাৰ কাব্যগ্ৰন্থ।

নিউজনেষ্ট,০৫ মাৰ্চ ২০২৩,নিউজডেস্কঃ বৰকলা তোক বিচাৰি ফুৰিছোঁ, এখন অনন্য কাব্যগ্ৰন্থ। বিশিষ্ট কবি,সাহিত্যিক তথা জ্যোষ্ঠ আৰক্ষী বিষয়া ডঃ নন্দ সিং বৰকলাৰ ৰৰকলা তোক বিচাৰি ফুৰিছোঁ শীৰ্ষক কাব্যগ্ৰন্থৰ আজি দ্বিতীয় সংখ্যাটো গুৱাহাটীৰ জয়ানগৰস্থিত সৃষ্টি প্ৰকাশৰ কাৰ্য্যালয়ত উন্মোচন কৰা হয়। অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী সৃষ্টি প্ৰকাশৰ স্বত্ত্বাধিকাৰী অজিত কুমাৰ ৰায়ে প্ৰকাশ কৰি উলিওৱা উক্ত কাব্যগ্ৰন্থ খন আজি এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে।
উক্ত অনুষ্ঠান টিৰ বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভণি কৰে বিশিষ্ট লেখিকা কবিতা ৰাণী সিঙে।

উল্লেখযোগ্য যে, উক্ত কাব্যগ্ৰন্থ খনিৰ প্ৰথম প্রকাশটি 2022 বৰ্ষৰ 2 ডিচেম্বৰ তাৰিখে সোণাপুৰ সাহিত্য সভাৰ এক অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাৰ শুভ হাতেৰে উন্মোচন কৰা হৈছিল।

এনেধৰণৰ আন বাতৰিসমূহ