গোলাঘাটত ১৪৪ ধাৰাৰ অধীনত লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা!

নিউজনেষ্ট,২২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

গোলাঘাটত লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা। ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ পৰা লাউডস্পীকাৰ, মাইক্ৰ’ফোন, মিউজিক ছিষ্টেম আদিৰ ব্যৱহাৰ আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা অসুবিধা তথা শব্দ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ ডাঃ পি উদয় প্ৰবীণে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ কোনো অনুষ্ঠান, মেলা, হোটেল, ৰিজৰ্ট, বিবাহ ভৱন, ভোজমেল আদিত লাউডস্পীকাৰ, মাইক, শব্দ সৃষ্টিকাৰী যন্ত্ৰ, ছাউণ্ড এম্প্লিফায়াৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব । প্ৰশাসনৰ পৰা লিখিত অনুমতি নোপোৱাকৈ কোনেও লাউডস্পিকাৰ বা মাইক ব্যৱহাৰ কৰিব নোৱাৰিব।

ব্যক্তিগত অনুষ্ঠানতো শব্দ প্ৰাবল্য, অঞ্চলটোৰ নিৰ্ধাৰিত প্ৰাবল্যৰ ভিতৰত থাকিব লাগিব। লাউডস্পীকাৰ, ছাউণ্ড ছিষ্টেম আদি ভাৰাত দিয়া সকলো টেন্ট হাউছ, ব্যৱসায়ী আদিয়ে গ্ৰাহকক নিশা ৮ বজাৰ পিছত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি অৱগত কৰিব লাগিব । অন্যথা সকলো সামগ্ৰী জব্দ কৰা হ’ব ।

এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

এনেধৰণৰ আন বাতৰিসমূহ