গোলাঘাটত ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান সম্পন্ন!

নিউজনেষ্ট,০৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ সৃষ্টিকৰ্তাৰ অমুল্য দান আমাৰ কাণ দুখন ৷ এই কান দুখনৰ বিসংগতি হলে আমি বহু যান্ত্ৰনা আৰু বেদনা ভোগ কৰো ৷ ভাৰতৰ ৬ দশমিক ৩ শতাংশ লোক প্ৰতি বছৰে কাণৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় ৷ ৫০ শতাংশ শ্ৰৱণ শক্তিহীনতা প্ৰতিৰোধ মূলক ৷ ৮০ শতাংশ শ্ৰৱণ শক্তিহীনতা উপযুক্ত পদ্ধতিৰে ঘূৰাই আনিব পাৰি ৷
আজি তিনি মাৰ্চৰ দিনটোত বিস্ব শ্ৰৱন দিৱসৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গোলাঘাট জিলাতো “ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু ণিয়ন্ত্ৰণ কায্যসূচীৰ সৌজন্যত “ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান উদযাপন কৰা হয় ৷ এই কায্যসূচী অনুযায়ী পুৱা ১০ বজাত গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ওলোৱা সজাগতা সমদলে গোলাঘাট চহৰখন পৰিক্ৰমা কৰি সজাগতামূলক প্ৰচাৰপত্ৰ বিতৰণ কৰে ৷ এই দিৱসৰ লগত সংগতিৰাখি শ্ৰৱন শক্তি পৰীক্ষা শিবিৰ ; জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত গাওঁসভা অনুষ্ঠিত কৰা হয় ৷ সমল ব্যক্তি ডা° পাৰ্থ গোহাইঁৰ পৰিচালনাত পালন কৰা আজিৰ কায্যসূচীত ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° উত্তম দত্ত ; উপ অধীক্ষক ডা° বিপুল কুমাৰ দাস ; জেষ্ঠ চিকিৎসক ডা° উৎপল বৰা ; ডা° ভাস্কৰজ্যোতি খেৰিয়া ;ডা° ৰাজশ বা ; চাবিনা য়াছমিন ; ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক ; জিলাপৰিষদৰ সদস্য সকল ; HWC ৰ বিষয়া কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়ায়।

এনেধৰণৰ আন বাতৰিসমূহ