গোলাঘাটৰ ফৰকাটিং চাহ বাগিছাত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস।

নিউজনেষ্ট ১৯ মাৰ্চ, গোলাঘাট : গোলাঘাটৰ ফৰকাটিং চাহ বাগিছাত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস। চাহ বাগিছাৰ পৰা খৰি সংগ্ৰহ কৰিবলৈ যোৱা ভনী মিৰ্ধা নামৰ এগৰাকী মহিলাক আক্ৰমণ বনৰজাৰ। বাঘৰ আক্ৰমণত মহিলাগৰাকীক শৰীৰৰ বিভিন্ন অংশত আঘাত প্ৰাপ্ত হোৱাত গোলাঘাটৰ শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। এতিয়াও ফৰকাটিংত বনৰজাৰ সন্ত্ৰাস অব্যাহত আছে। বন বিভাগৰ লোক ঘটনাস্হলীলৈ ৰাওনা হৈছে।

এনেধৰণৰ আন বাতৰিসমূহ