গোলাঘাট জিলাৰ পঞ্চম বাৰ্ষিক মৃদঙ্গীয়া গায়ন বায়ন সমাৰোহৰ সফল সামৰণি।

নিউজনেষ্ট ২৭ মাৰ্চ ২০২৩ : গোলাঘাট জিলাৰ বাদুলিপাৰৰ বুঢ়াগাঁৱত অনুষ্ঠিত গোলাঘাট জিলাৰ পঞ্চম বাৰ্ষিক মৃদঙ্গীয়া গায়ন-বায়ন সমাৰোহৰ সফল সমাপ্তি । ক্ৰমাৎ হেৰাই যাব খোজা মৃগঙ্গীয়া গায়ন বায়নক ধৰি ৰখাৰ প্ৰয়াসেৰে অনুষ্ঠিত হ’ল এই অনুষ্ঠানৰ। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানটিত সমাৱেশ ঘটিল হাজাৰ হাজাৰ ৰাইজৰ । গোলাঘাট জিলাৰ ২৬ টা শাখাই একেলগে প্ৰদৰ্শিত কৰিলে মৃদঙ্গীয়া গায়ন-বায়ন ৷ শ শ গায়ন বায়নে একলগে মৃদঙ্গীয়া গায়ন বায়ন প্ৰদৰ্শন কৰাৰ দৃষ্টিনন্দন পৰিবেশে আপ্লুত কৰিলে সকলোকে আনহাতে সমাৰোহৰ দ্বিতীয় দিনা উলিওৱা হ’ল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ সমাৰোহখনিত প্ৰদৰ্শন কৰিলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ । তদুপৰি প্ৰকাশ পাই ‘পদাঙ্ক’ নামৰ এখনি স্মৃতিগ্ৰন্থও। দেশৰ অন্যতম প্ৰাচীন বাদ্যবিধৰ সৈতে জড়িত শিল্পীসকলক চৰকাৰক শিল্পী পেঞ্চন প্ৰদানৰ দাবী কৰিছে সকলোৱে । আড়ম্বৰপূৰ্ণভাৱে আয়োজিত অনুষ্ঠানটি সুকলমে অনুষ্ঠিত কৰিবলৈ পাই আনন্দিত উদ্যোক্তাসকল।

এনেধৰণৰ আন বাতৰিসমূহ