গোৰেশ্বৰত কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ লাইখুটা স্থাপন!

নিউজনেষ্ট,১০ মাৰ্চ ২০২৩,নিউজডেস্কঃ অসমৰ অন্যতম ভূমিপুত্ৰ শৰণীয়া কছাৰীসকলৰ উপাস্য দেৱতা কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱৰ আজি বাক্সা জিলাৰ গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আনুস্থানিকভাবে মূল ৰভাৰ লাইখুটা স্থাপন কৰা হয়।

অহা ৪, ৫ আৰু ৬ বহাগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা বাঁহ গোঁসাই পূজাৰ লগত সংগতি ৰাখি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সপ্তদশ দ্বি বাৰ্ষিক অধিবেশনো অনুষ্ঠিত কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

সম্পূৰ্ণ ধৰ্মীয় মাংগলিক অনুষ্ঠানেৰে লাইখুটা আনুষ্ঠানিক ভাৱে স্থাপন কৰে বিটিআৰৰ কাৰ্যনিৰ্বাহক সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীয়ে।
গোসাই ঘৰৰ লাইখূটা স্থাপন কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকাই।

 

এনেধৰণৰ আন বাতৰিসমূহ