গোৰেশ্বৰত বিহু নাচ,ঢোল বাদনৰ কৰ্মশালাৰ সফল সামৰণি!

নিউজনেষ্ট,১৫ মাৰ্চ ২০২৩,নিউজডেস্কঃগোৰেশ্বৰ বেঙেনাআটী সত্ৰ খেলপথাৰত অনুষ্ঠিত হোৱা সাদিনীয়া কৰ্মশালাৰ অন্তিম দিনটোত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন লোকশিল্পী,ওজা, গীতিকাৰ, সুৰকাৰ পংকজ বৰা।

পদুলীমুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। কুলি- কেতেকীৰ শুৱলা মাত আৰু গছ বিৰিশৰ ন-কুঁহিপাতে ইতিমধ্যে বহাগ অহাৰ বতৰা দিছেই।
গাঁৱে গাঁৱে জীয়ৰী -বোৱাৰীসকলো তাঁতশালত হেঁপাহৰ ‘বিহুৱান’ত ভমকা ফুল বছাত ব্যস্ত হৈ পৰিছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনে ব্যস্ততাৰ মাজতে গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰৰ প্ৰাঙ্গনত অসমীয়াৰ স্বাভিমান বিহুক নতুন প্ৰজন্মই শুদ্ধ ৰূপত শিকি বুজি পৰিবেশন কৰাৰ বাবে সাদিনীয়া কাৰ্যসূচীৰ এক বিহু কৰ্মশালাৰ আয়োজন কৰিছিল।নশলা সাংস্কৃতিক গোষ্ঠীয়ে গোৰেশ্বৰৰ ৰাইজৰ সহযোগত সাত দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাৰ ১৫ মাৰ্চত সফল সামৰণি পৰে। সাদিনীয়া কৰ্মশালাৰ এই কাৰ্যসূচীৰ প্ৰশিক্ষক হিচাপে আছিল লতাশিল বিহুৰাণী ২০১৪ আৰু ডি ৱাই বিহুৰাণী ২০১৯ খ্যাত হিৰণ ময়ী কলিতাই। হিৰণময়ী কলিতাই প্ৰশিক্ষণ দিয়া এই কৰ্মশালাত গোৰেশ্বৰ অঞ্চলৰ দুই শতাধিক কণ কণ শিশুৰ পৰা যুৱক যুৱতীয়ে বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। অন্তিম দিনৰ কাৰ্যসূচীত অঞ্চলটোৰ কেইবাশতাধিক প্ৰশিক্ষাৰ্থীৰ অভিভাৱক অভিভাৱিকাৰ লগতে অঞ্চলটোৰ লোকসকলে বিহু নৃত্য উপভোগ কৰে।

এনেধৰণৰ আন বাতৰিসমূহ