গোৰেশ্বৰত বিহু নাচ,ঢোল বাদনৰ প্ৰশিক্ষণ!

নিউজনেষ্ট,১০ মাৰ্চ ২০২৩.নিউজডেস্কঃ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ আৰু মাজত কেইটামান দিন বাকী। কুলি- কেতেকীৰ শুৱলা মাত আৰু গছ বিৰিখৰ ন-কুঁহিপাতে ইতিমধ্যে বহাগ অহাৰ বতৰা দিছে।গাঁৱে গাঁৱে জীয়ৰী -বোৱাৰীসকলো তাঁতশালত হেঁপাহৰ ‘বিহুৱান’ত ভমকা ফুল বছাত ব্যস্ত হৈ পৰিছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনে ব্যস্ততাৰ মাজতে গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰৰ প্ৰাঙ্গনত অসমীয়াৰ স্বাভিমান বিহুক নতুন প্ৰজন্মই শুদ্ধ ৰূপত শিকি বুজি পৰিবেশন কৰাৰ বাবে এক বিহু কৰ্মশালাৰ আয়োজন কৰিছে।নশলা সাংস্কৃতিক গোষ্ঠীয়ে গোৰেশ্বৰৰ ৰাইজৰ সহযোগত সাত দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালা আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে লতাশিল বিহুৰাণী ২০১৪ আৰু ডি ৱাই বিহুৰাণী ২০১৯ খ্যাত হিৰণ্ময়ী কলিতাই। হিৰণ্ময়ী কলিতাই প্ৰশিক্ষণ দিয়া এই কৰ্মশালাত গোৰেশ্বৰ অঞ্চলৰ দুই শতাধিক কণ কণ শিশুৰ পৰা যুৱতী আৰু যুৱকে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ