গোৰেশ্বৰত ভিন্ন বিষয়ক দুখনকৈ গ্ৰন্থ উন্মোচন।

নিউজনেষ্ট, ২০ মাৰ্চ ২০২৩,নিউজডেস্কঃ উত্তৰ বেতনা সমন্বয় সাহিত্য সভাৰ উদ্যোগত বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰৰ সভাগৃহত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট প্ৰৱন্ধকাৰ উপন্যসিক তথা নাট্যকাৰ মাধৱ চন্দ্ৰ কলিতাৰ প্ৰবন্ধপুথি ‘প্ৰেক্ষাপট’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে সুলেখক যতীন চন্দ্ৰ দাস আৰু বৰুৱা কান্ত ব্ৰহ্মই। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ অৱসৰী বিষয়া তথা বিশিষ্ট লেখক যতীন দাস সম্পাদিত ‘শিশুৰ পৃথিৱী’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডা:বাবুল চহৰীয়াই । গোৰেশ্বৰ আঞ্চলিক শ্ৰীশ্ৰীশংকৰদেৱ সত্ৰৰ পৰিচালনা সমিতিৰ সম্পাদক ৰবি কুমাৰ ডেকাই সভাপতিত্ব কৰা সভাত উপস্থিত থাকি বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাসে কয় যে বহু লেখকে তথ্যভিত্তিক অনুসন্ধান নকৰাকৈ জনশ্ৰুতিৰ ভিত্তিত প্ৰবন্ধ লিখে । কিন্তু মাধৱ চন্দ্ৰ কলিতাই অনুসন্ধান কৰি তথ্যৰ ভিত্তিত প্ৰৱন্ধ লিখে। তেওঁ এজন ভাল লেখক। বাক্সা জিলা সাহিত্য সভাৰ উপ সভাপতি হলধৰ কুমাৰ,কৰুণা ডেকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি তথা সাহিত্যপ্ৰেমী উপস্থিত থকা সভাত বক্তাসকলে দুয়োখন গ্ৰন্থ পঢ়ুৱৈসকলে আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।

এনেধৰণৰ আন বাতৰিসমূহ